বিজেপিৰে যুঁজ দিয়া সম্ভৱ নহ'ব : কিয় ক'লে লুৰীণজ্যোতিয়ে ? - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
নিৰ্বাচনত বিপৰ্যয় সম্পৰ্কে অসম জাতীয় পৰিষদৰ পৰ্যালোচনা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 13, 2026 at 8:12 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট : বিগত কেইবাটাও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইও সফলতাৰ মুখ নেদেখা অসমৰ অন্যতম আঞ্চলিক দল অসম জাতীয় পৰিষদে ইতিমধ্যে পৰাজয়ৰ কাৰণবোৰ পৰ্যালোচনা কৰি আছে । তাৰ মাজতে গোলাঘাটত এক দলীয় সভাত অংশ লৈ পৰাজয়ৰ কাৰণবোৰ বিশ্লেষণ কৰে । তেওঁ কয়, "আমি দুবাৰ বিধানসভা আৰু এবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলো । তিনিবাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছো ।"

গগৈয়ে লগতে কয়,"দলৰ ভেটি তৃণমূল পৰ্যায়লৈ যেতিয়ালৈকে শক্তিশালী আৰু সুদৃঢ় নহ'ব, যেতিয়ালৈ দলৰ কেডাৰ বুথ পৰ্যায়লৈকে আমি আগবঢ়াই লৈ যাব নোৱাৰো আৰু তেওঁলোকক প্ৰশিক্ষণৰ যোগেদি বা কৰ্মশালাৰ যোগেদি কৌশলী, সুসংগবদ্ধ কৰিব নোৱাৰিম তেতিয়ালৈকে বিজেপিৰ দৰে টকা-পইচা থকা, আগ্ৰাসী, ভয়-ভাবুকিৰে ৰাজনীতি কৰা দলৰ লগত যুঁজ দিয়া ইমান সম্ভৱ নহ'ব । সেই কাৰণে যোৱা নিৰ্বাচনৰ বিপৰ্যয় খুব পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছো ।"

তেওঁ লগতে কয় যে, কেৱল নিৰ্বাচনত জয়লাভ কৰাটোৱেই লক্ষ্য হ'ব নালাগে, বৰঞ্চ জনসাধাৰণৰ বিশ্বাস আৰু আস্থা অৰ্জন কৰাটো অধিক গুৰুত্বপূৰ্ণ । ৰাজ্য আৰু দেশৰ সামগ্ৰিক উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয় যে উন্নত যোগাযোগ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য, কৃষি আৰু ক্ষুদ্ৰ উদ্যোগৰ বিকাশৰ জৰিয়তে অৰ্থনীতি অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়োজন আছে ।

লগতে পঢ়ক :

অখিল গগৈৰ গাড়ীৰ পিছে পিছে থাকিব এছকৰ্ট কাৰ: হঠাৎ কিয় বৃদ্ধি কৰা হ'ল নিৰাপত্তাৰক্ষী ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details