আৰএছএছৰ মুৰব্বী মোহন ভাগৱতক সাক্ষাৎ মুখ্যমন্ত্ৰী শৰ্মাৰ - ASSAM CM HIMANTA BISWA SARMA
🎬 Watch Now: Feature Video

Published : May 17, 2026 at 5:30 PM IST
গুৱাহাটী: দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে শপত লোৱাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহানগৰীৰ বৰবাৰীস্থিত আৰএছএছৰ মুখ্যকার্যলয়ত উপস্থিত হয় ৷ দেওবাৰে গুৱাহাটীৰ বৰবাৰীস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়তে আৰএছএছ প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ দেওবাৰে দিনৰ ১১ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰএছএছৰ মুখ্যকাৰ্যালত উপস্থিত হৈ আৰএছএছ প্ৰধান মোহন ভাগৱতৰ সৈতে ভিন্ন বিষয়ে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ প্ৰায় আধাঘণ্টা ধৰি হোৱা বৈঠকত অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সুদৰ্শনালয়ৰ পৰা ওলাই যায়।
অৱশ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কোনো মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত থাকে ৷ ইফালে পৰৱৰ্তী সময়ত আৰএছএছৰ মুখ্য কাৰ্যালয়তে মোহন ভাগৱতৰ নেতৃত্বত আৰএছএছ বিষয়াববীয়াৰ সৈতে এখনি গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয় । প্ৰায় ৫ ঘণ্টা ধৰি বৈঠকৰ অন্তত দিনৰ তিনি বজাত সুদৰ্শনালয় পৰা বিমান বন্দৰ অভিমুখে ওলাই যায় আৰএছএছ প্ৰধানগৰাকীয়ে ।
লগতে পঢ়ক:৮ হাজাৰ ধানৰ বীজ সংৰক্ষণেৰে অভিলেখ তিতাবৰস্থিত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ