মন্ত্রী হিচাপে ১২গৰাকী বিধায়কৰ শপতগ্ৰহণ : ৰাজ্যপালে পাঠ কৰোৱালে শপতবাক্য LIVE - ASSAM CABINET EXPANSION 2026
🎬 Watch Now: Feature Video

Published : June 5, 2026 at 12:33 PM IST
|Updated : June 5, 2026 at 1:22 PM IST
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভাত নতুনকৈ স্থান পালে ১২ গৰাকী বিধায়কে । পূৰ্বৰ চাৰিগৰাকী মন্ত্রীকে ধৰি ১৬ জনীয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্রীসভা । শুকুৰবাৰে ১২ গৰাকী বিধায়কে মন্ত্রী হিচাপে শপত গ্ৰহণ কৰে । গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হয় । ৰাজ্যপাল লক্ষণ প্ৰসাদ আচাৰ্যই ১২ গৰাকী বিধায়কক মন্ত্ৰীৰূপে পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায় । ৰাজ্যপালৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সম্প্ৰসাৰিত মন্ত্ৰীসভাত কোনে কোনে স্থান পাব তাকে লৈ বিগত এটা মাহ ৰাজনৈতিক মহলত চলি থকা চৰ্চা আছিল । সেই চৰ্চাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ ১২ জনীয়া তালিকা । সেই অনুসৰি মন্ত্ৰীৰূপে শপতগ্ৰহণ কৰিব ক্ৰমে ডাঃ ৰণোজ পেগু, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী, পীযুষ হাজৰীকা, অশোক সিংহল, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, বিমল বড়া, সুশান্ত বৰগোঁহাই আৰু কেশৱ মহন্তই ।খানাপাৰাৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ পৰা শপতগ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ...