জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সেৱা লৈ নিৰ্বাচনী ৰণডংকা গৌৰৱ গগৈৰ, জীৱন চুতীয়াৰ হৈ চলালে নিৰ্বাচনী প্ৰচাৰ - ASSAM ASSEMBLY ELECTIONS 2026

🎬 Watch Now: Feature Video

thumbnail
জীৱন চুতীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : March 22, 2026 at 2:50 PM IST

1 Min Read
Choose ETV Bharat

সৰুপথাৰ: অসমৰ সৰ্বত্ৰে নিৰ্বাচনী তৎপৰতা তুংগত উঠিছে । শেহতীয়াকৈ ১০৭ নং সৰুপথাৰ বিধানসভা সমষ্টিত নিৰ্বাচনী ৰণডংকা বজায় অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে । কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ শক্তি প্ৰদৰ্শনেৰে দেওবাৰে সৰুপথাৰত চলালে নিৰ্বাচনী প্ৰচাৰ ।

সৰুপথাৰ সমষ্টিত এইবাৰ বিৰোধী মিত্ৰজোঁটে এক বিশেষ কৌশল গ্ৰহণ কৰিছে । এই সমষ্টিটোত কংগ্রেছ নেতৃত্বাধীন মিত্ৰজোঁটৰ মনোনীত প্রার্থী হিচাপে থিয় দিছে অসম জাতীয় পৰিষদৰ (AJP) নেতা জীৱন চুতীয়া । মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ ভোট বিচাৰি গৌৰৱ গগৈয়ে সৰুপথাৰত উপস্থিত হৈ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিয়ে । জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সেৱা লৈ গগৈয়ে আৰম্ভ কৰে নিৰ্বাচনী প্ৰচাৰ । সৰুপথাৰত উপস্থিত হোৱাৰ পাছতেই গায়ন-বায়ন, ঢুলীয়া-নাচনীয়ে আদৰণি জনায় নেতাগৰাকীক ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে নিজৰ মুনাফা আৰু পৰিবাৰৰ প্ৰগতিৰ কাৰণে কাম কৰিছে: গৌৰৱ গগৈ

টিকট বঞ্চিত নন্দিতা গাৰ্লোচাৰ ক্ষোভ প্ৰশমিত কৰিবলৈ ডিমা হাচাওত মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details