বিৰোধী ঐক্যমঞ্চৰ সন্মান ৰক্ষা কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে - ASSEMBLY ELECTION RESULTS 2026

🎬 Watch Now: Feature Video

thumbnail
৯৬ নং শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জয়লাভ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 5, 2026 at 12:32 PM IST

2 Min Read
Choose ETV Bharat

শিৱসাগৰ : অসম বিধানসভা নিৰ্বাচনত ধূলিস্যাত হৈ পৰিল বিৰোধী । উজনি অসমত নিঃশেষ হোৱা বিৰোধী ঐক্যমঞ্চৰ সন্মান ৰক্ষা কৰিলে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে । ৯৬ নং শিৱসাগৰ সমষ্টিৰ পৰা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ পূৰ্বৰ বিধায়ক অখিল গগৈয়ে ১৭২৭২ টা ভোটত জয়লাভ কৰি বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীক পৰাজিত কৰে ।

জয়ৰ পাছত অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘‘নিৰ্বাচনত জয়লাভ কৰিও মই দুখ অনুভৱ কৰিছো । কিয়নো বিৰোধী ঐক্যমঞ্চই এইবাৰ নিৰ্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰিম বুলি ভাবিছিলো ৷ বিশেষকৈ যোৰহাট সমষ্টিত গৌৰৱ গগৈ, খোৱাং সমষ্টিত লুৰীণজ্যোতি গগৈ আৰু নাজিৰা সমষ্টিত দেৱব্ৰত শইকীয়াৰ পৰাজয় দুখজনক ।’’

এইবাৰ বিধানসভাত তেওঁৰ দায়িত্ব সহজ ন'হব বুলি উল্লেখ কৰি তেওঁ কয়, ‘‘বিধানসভাত অভাৱনীয়ভাৱে শাসক পক্ষৰ বিধায়ক বৃদ্ধি পালে । আনহাতে বিৰোধীৰ বিধায়কৰ সংখ্যা টুটি আহিল । যাৰ ফলত শাসক পক্ষৰ চাপৰ মাজত বিধানসভাত নিজৰ দায়িত্ব পালন কৰিব লাগিব ৷’’

আনহাতে শিৱসাগৰ সমষ্টিৰ ৰাইজক অখিল গগৈয়ে ধন্যবাদ জ্ঞাপন কৰি কয়, ‘‘যোৱাবাৰ মোৰ অনুপস্থিতিত শিৱসাগৰৰ ৰাইজে মোক জয়ী কৰিছিল, এইবাৰ মোৰ উপস্থিতিত মোক জয়ী কৰালে । শিৱসাগৰৰ ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো ৷’’

উল্লেখ্য যে, শিৱসাগৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী কুশল দুৱৰীয়ে ৬৯২৪৯ টা ভোট, অগপ দলৰ প্ৰদীপ হাজৰিকাই ১৪৭৫৭ টা ভোট, আপৰ প্ৰাৰ্থী তপন গগৈয়ে ৭২১ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ মহনে ৮০৪ টা ভোট, ৰূপক ভূঞাই ৫২৯ টা ভোট, ৰাজকুমাৰ দুৱৰাই ৫০৬ টা ভোট আৰু হেমন্ত বৰুৱাই ৪৬২ টা ভোট লাভ কৰাৰ বিপৰীতে ন'টাত পৰে ১৭১৯ টা ভোট ।

লগতে পঢ়ক :  সৰুপথাৰত আবতৰীয়া দেৱালী ! ৫৬,০৮০ ভোটৰ ব্যৱধানত বিশ্বজিৎ ফুকনৰ জয়লাভ

লগতে পঢ়ক :  দেৰগাঁও সমষ্টিত প্ৰায় 36953টা ভোটত জয়ী বিজেপি প্ৰাৰ্থী ড৹ মৃদুল কুমাৰ দত্ত

ABOUT THE AUTHOR

...view details