ধুবুৰীৰ পাঁচটা বিধানসভা সমষ্টিৰ ভোটগণনা চলিছে গৌৰীপুৰত - ASSAM ASSEMBLY ELECTION 2026
🎬 Watch Now: Feature Video

Published : May 4, 2026 at 11:20 AM IST
ধুবুৰী : ৰাজ্য়ৰ প্ৰতিখন জিলাত স্থাপন কৰা ষ্ট্ৰং ৰূমত কটকটীয়া নিৰাপত্তা ব্য়ৱস্থাৰ মাজত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা । ধুবুৰী জিলাতো চলি আছে এই গণনা প্ৰক্ৰিয়া ।
ধুবুৰীৰ গৌৰীপুৰৰ পি চি ইনষ্টিটিউচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ষ্ট্ৰং ৰূমত সোমবাৰে ভোটগণনা আৰম্ভ হোৱাৰ লগে লগে দলীয় প্ৰাৰ্থীসকলৰ মাজতো আৰম্ভ হৈছে কাউণ্ট ডাউন । ধুবুৰী জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ধুবুৰী, গোলকগঞ্জ, গৌৰীপুৰ, বিলাসীপাৰা আৰু বিৰসিং জৰুৱা বিধানসভা সমষ্টিৰ পোষ্টেল বেলটৰ ভোটগণনা প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিচতেই আৰম্ভ হৈছে ইভিএমৰ গণনা ।
এই সন্দৰ্ভত ধুবুৰী জিলাৰ আয়ুক্ত মেঘ নিধি দাহালে কয়, "অতিৰিক্ত পাঁচটা ৰাউণ্ড ভিভিপেট গণনা কৰা হ'ব । নিশা আঠমান বজালৈ ভোটগণনা চলাৰ সম্ভাৱনা আছে । সাধাৰণতে ২৮টা ৰাউণ্ড চলিবই ।"
কুংকি নে বিজয় ? মধ্য গুৱাহাটী সমষ্টিত কোনজন প্ৰাৰ্থীক পছন্দ কৰিলে ভোটাৰে ?