ভোটাধিকাৰ সাব্যস্ত কৰিলে কণ্ঠশিল্পী তৰালী শৰ্মাই - ভোটগ্ৰহণ
🎬 Watch Now: Feature Video

Published : April 9, 2026 at 7:26 PM IST
গুৱাহাটী: কণ্ঠশিল্পী তৰালী শৰ্মায়ো সাব্যস্ত কৰিলে ভোটাধিকাৰ । নিউ গুৱাহাটী বিধানসভা সমষ্টিৰ এআইডিচি কাৰ্যালয়ত ভোটদান কৰে কণ্ঠশিল্পীগৰাকীয়ে । নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি সুখী বুলি ব্যক্ত কৰে শৰ্মাই । লগতে বৰ্তমানৰ নিৰ্বাচনী প্ৰেক্ষাপট চিন্তনীয় বুলি তেওঁ মত প্ৰকাশ কৰে ।
এইবাৰৰ নিৰ্বাচনী পৰিৱেশটোৰ সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়,"চিন্তাশীল বুলি ভাবো, বিশেষকৈ আমি যিধৰণৰ কথাবোৰ শুনি থাকোঁ, সাধাৰণ মানুহ হিচাপে বহু কথা বুজি পাওঁ আৰু বহু কথা বুজিও নাপাওঁ । কিন্তু কথাবোৰে কষ্ট দিয়ে । যিহেতু প্ৰতিজন মানুহৰ নিজৰ দেশ-জাতিক লৈ সচেতন গতিকে অকণমান চিন্তিত হ'বই ।
বিহুৰ প্ৰস্তুতিৰ সন্দৰ্ভত কয়,"বিহুৰ আখৰা কৰি আছোঁ । কেইবাবছৰৰ পৰা মই বহুত বেছি বিহুৰ অনুষ্ঠান কৰা নাই, এইবাৰো কেইখনমান কৰিম ভালকৈ ।"
জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ প্ৰসংগত কয়,"মই ভাবো জুবিন গাৰ্গ এটা বহুত বেছি বৃহৎ আৰু পৃথক বিষয় । তেওঁৰ সত্বা বহুত বেছি গভীৰ আৰু ইমান ডাঙৰ আমি আচলতে তেখেতক একেবাৰে একাষৰীয়া কৰি থৈ দিব লাগে বুলি মই ভাবোঁ । এনেই হকে বিহকে তেওঁৰ নামটো আনিব নালাগে ।"
লগতে তেওঁ কয়,"তেতিয়া সেই সত্বাৰ প্ৰতি অসন্মান কৰা যেন মোৰ অনুভৱ হয় । আজি অসমৰ মানুহে তেওঁ যে নাই মানি ল'ব পৰা নাই । তেওঁৰ নামটো ওলালে দুখ এটা লাগি যায় । মই ভাবোঁ সেই বিষয়টো নিজৰ ধৰণে বিশেষ, গতিকে সেই ধৰণে চাব লাগে ।"