ভোটাধিকাৰ সাব্যস্ত কৰি পৱন খেড়াক সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : April 9, 2026 at 9:53 PM IST
মৰিগাঁও: ৰাজ্যৰ জনতাই ইভিএমত বন্দী কৰিলে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ভাগ্য । সাধাৰণ জনতাৰ সমান্তৰালভাৱে প্ৰাৰ্থীসকলেও সাব্যস্ত কৰিলে ভোটাধিকাৰ । মন্ত্ৰী পীযুষ হাজৰীকাই আঁহতগুৰি মৰিকলং এল পি স্কুলত পত্নী আৰু মাতৃৰ সৈতে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।
ইয়াৰ পিছতে পৱন খেড়াৰ বিৰুদ্ধে সৰৱ হৈ পৰে হাজৰীকা । সাংবাদিক আগত তেওঁ কয়, ‘‘পৱন খেড়া এটা ফাল্টু মানুহ । পৱন খেড়াই ৰাতি এটা কথা কয়, ৰাতিপুৱা এটা কথা কয় । কিন্তু পৱন খেড়াই যিখিনি কৈছে সম্পূৰ্ণ মিছা । গতিকে পলাই গুছি গ'ল । কৈছিলে দম আছে যদি হিমন্ত বিশ্ব শৰ্মাই এৰেষ্ট কৰক । গতিকে ৰাতিপুৱা ফ্লাইটত উঠাৰ আগত এটা ফেচবুক লাইভ দিব লাগিছিল ।’’