বাক্সা জিলাৰ মানসত ৮৫.২৪% আৰু বাক্সাত ৭৯.৬৯% ভোটদান সম্পন্ন - ASSAM ASSEMBLY ELECTION 2026
🎬 Watch Now: Feature Video

Published : April 10, 2026 at 2:58 PM IST
বাক্সা : বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভাৰ নিৰ্বাচনত বাক্সা জিলাৰ ৪১ নং মানস বিধানসভা সমষ্টি আৰু ৪২ নং বাক্সা বিধানসভা সমষ্টিত সুকলমে সম্পন্ন হয় । মানস সমষ্টিত ২৫৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ লগতে বাক্সা সমষ্টিত ২৪৪ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় এই নিৰ্বাচন । বাক্সা জিলা নিৰ্বাচনী বিষয়া তথা আয়ুক্ত কিমানেই চাংচানে কোৱা তথ্য মতে, এই নিৰ্বাচনত মানস সমষ্টিত ৮৫% আৰু বাক্সা (অনুসূচিত জনজাতি) সমষ্টিত ৮০% ভোটদান হয় । নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৫ বজালৈ ৰাজ্যৰ ১২৬ টা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৮৫.১৩ শতাংশ । দলগাঁও সমষ্টিত সৰ্বাধিক ৯৪.৫৭ শতাংশ ভোটদান ।
সেইদৰে সৰ্বনিম্ন ৭০.৪৮ শতাংশ ভোটদান হৈছে আমৰি সমষ্টিত । ইফালে কামৰূপ মহানগৰ জিলাৰ পাঁচটা সমষ্টিৰ ভিতৰত দিছপুৰত ৭৩.৯৮ শতাংশ, ডিমৰীয়াত ৮০.৫২ শতাংশ, নিউ গুৱাহাটীত ৭১.২৭ শতাংশ, মধ্য গুৱাহাটীত ৭৫.২৩ শতাংশ আৰু জালুকবাৰী সমষ্টিত ৮০.৮৩ শতাংশ ভোটদান হৈছে ।
লগতে পঢ়ক : ৮৫.১৩ শতাংশ ভোটদানেৰে অভিলেখ : ইভিএমত বন্দী ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য