দেশৰ ৰাজনৈতিক ইতিহাসত এনডিএ ৰ পক্ষত এইবাৰ ঐতিহাসিক জনাদেশ হ’ব : দিলীপ শইকীয়া - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
দিলীপ শইকীয়া (ETV Bharat)

By ETV Bharat Assamese Team

Published : April 9, 2026 at 7:35 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: বৃহস্পতিবাৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে অসমৰ ১২৬ টা সমষ্টিত একক পৰ্যায়ত অনুষ্ঠিত হয় ভোটগ্ৰহণ । ৭২২ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য বন্দী হ’ল ইভিএমত ৷ এতিয়া অপেক্ষা অহা ৪ মে’লৈ ৷ কিয়নো সেইদিনা ভোটগণনাৰ লগে ঘোষণা হ’ব এই নিৰ্বাচনৰ ফলাফল ৷  

ৰাজ্যৰ আন জিলাৰ লগতে নলবাৰীতো ৰাইজে হিলদল ভাঙি ওলাই আহে ভোট দিবলৈ ৷ বৰ্তমানলৈকে সম্পূৰ্ণ পৰিসংখ্যা প্ৰকাশ পোৱা নাই যদিও আনুমানিক পৰিসংখ্যা মতে এইবাৰ নিৰ্বাচনত প্ৰায় ৮৪ শতাংশ ভোটদান হৈছে অসমত । পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে ভোটদানৰ হাৰ । নলবাৰীৰ বৰভাগৰ পূৰ্ণকামদেৱ বালিকা প্ৰাথমিক বিদ্যালয়ৰ ২৭১ নং ভোটকেন্দ্ৰত ভোটদান কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ।

বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰভাগৰ পূৰ্ণকামদেৱ বালিকা প্ৰাথমিক বিদ্যালয়ত দুপৰীয়া উপস্থিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ।  ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁৰ ভোট যুৱপ্ৰজন্মৰ সংস্থাপনৰ বাবে, অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে, অসমৰ আই মাতৃ , মহিলা শক্তিৰ স্বাৱলম্বনৰ বাবে উন্নয়নৰ পক্ষত প্ৰদান কৰে বুলি মন্তব্য কৰে ।  

সাংবাদিকৰ আগত দিলীপ শইকীয়াই কয়, ‘‘এইবাৰ সমগ্ৰ অসমত যি ফলাফল হ’ব, সেয়া দেশৰ ৰাজনৈতিক ইতিহাসত NDA ৰ পক্ষত ঐতিহাসিক জনাদেশ হ’ব । আজিৰ ভোটদানৰ হাৰলৈ চাই NDA চৰকাৰ অনাৰ পৰিৱেশ দেখিবলৈ পাইছোঁ । কংগ্ৰেছে অসমত চৰকাৰ কৰিব নোৱাৰে । বাংলাদেশ অথবা পাকিস্তানতহে কংগ্ৰেছে চৰকাৰ কৰিব পাৰিব । তিনিলাখ অসমীয়া বিজেপিৰ পক্ষত আছে, কিন্তু তিনি গগৈহে একেলগ হৈ আছে ।’’

বৰক্ষেত্ৰী সমষ্টিৰ কথা উল্লেখ কৰি তেওঁ কয়, "এইবাৰ বৰক্ষেত্ৰীত ফলাফল ভাল হ’ব । নাৰায়ণ ডেকাই বিপুল ভোটত জয়লাভ কৰিব, পূৰ্বতকৈ পৰিৱেশ সলনি হৈছে বৰক্ষেত্ৰীত ৷’’  টিহুত চন্দ্ৰমোহন পাটোৱাৰী প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নেকি বুলি সোধাত শইকীয়াই কয় যে চন্দ্ৰমোহন পাটোৱাৰীক হৰুওৱাটো সহজ কথা নহয় । 

লগতে পঢ়ক:

বহিঃৰাজ্যৰ একাংশ লোকক কেন্দ্ৰ কৰি খোৱাঙত নিৰ্বাচনী হিংসা : ভাঙি-ছিঙি চূৰ্ণ-বিচূৰ্ণ বলেৰ’

পৱন খেড়া ‘পলৰীয়া’ : ভোট দি উঠিয়েই ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details