হুইল চেয়াৰত আহি ভোটাধিকাৰ সাব্যস্ত শাৰিৰীকভাৱে অক্ষম মহিলাৰ - ASSAM ASSEMBLY ELECTION 2026
🎬 Watch Now: Feature Video

Published : April 9, 2026 at 8:13 PM IST
মৰিগাঁও: নিৰ্বাচনৰ দিনটোত ভোটদান নকৰি ঘৰতে বহি থকা লোকসকলৰ বাবে আদৰ্শ এগৰাকী মহিলা ৷ শাৰীৰিক প্ৰত্যাহ্বানক নেওচি মহিলাগৰাকী আহে ভোটগ্ৰহণ কেন্দ্ৰলৈ ৷ এই দৃশ্য মৰিগাঁৱৰ ৷
শাৰীৰিক প্ৰত্যাহ্বান নেওচি এগৰাকী বৃদ্ধাই হুইল চেয়াৰত বহি ভোটদান কৰিবলৈ অহাটোৱে দেশৰ গণতন্ত্ৰৰ শক্তিশালী ৰূপটোক প্ৰতিফলিত কৰিছে । বয়স বা শাৰীৰিক অসুস্থতাই যে এগৰাকী সচেতন নাগৰিকৰ কৰ্তব্যত বাধা দিব নোৱাৰে, মহিলাগৰাকীয়ে আজি তাৰেই প্ৰমাণ দিলে ।
উল্লেখ্য যে, বৃহস্পতিবাৰে ভোটগ্ৰহণৰ দিনটোত প্ৰতিকূল বতৰকো নেওচি ভোটাৰসকলে ভোটদান কৰে ৷ এইবেলি নিৰ্বাচন আয়োগে বৃদ্ধ আৰু দিব্যাংগ লোকসকলৰ বাবে ভোটগ্ৰহণ কেন্দ্ৰত ৰেম্প(Ramp) আৰু হুইল চেয়াৰৰ ব্যৱস্থা কৰিছে ৷ যাৰ ফলত এইসকল লোকে ভোটদান কৰাটো সহজসাধ্য হৈ পৰিছে ।
প্ৰতিগৰাকী নাগৰিকৰ এটা ভোটে দেশৰ ভৱিষ্যৎ গঢ়াত সহায় কৰে । এই বৃদ্ধাগৰাকীৰ উদ্যমক সকলোৱে একেমুখে শলাগ লৈছে ।
লগতে পঢ়ক: নৱগঠিত ডিমৰীয়া সমষ্টিত গণতন্ত্ৰৰ উৎসৱ : সুকলমে সম্পন্ন ভোটগ্ৰহণ প্ৰক্ৰিয়া