হালদ্বাণীৰ ঘটনাক লৈ গুৱাহাটীত কংগ্ৰেছৰ সত্যাগ্ৰহ : বিজেপিৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ
🎬 Watch Now: Feature Video

Published : August 15, 2026 at 11:40 AM IST
গুৱাহাটী : 'হালদ্বাণী ঘটনা'ৰ বিৰুদ্ধে আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সমৰ্থনত শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে দিছপুৰত সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে । উত্তৰাখণ্ডৰ হালদ্বাণীত কেইদিনমানৰ পূৰ্বে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কংগ্ৰেছ দলৰ এক সভাত উপস্থিত আছিল ৷
তেওঁ উপস্থিত থকাৰ বাবে বিজেপিৰ কিছু লোকে উক্ত সভাস্থলী গংগাজলেৰে ‘শুদ্ধিকৰণ’ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ এই কাৰ্যৰ বিৰোধিতাৰে আৰু মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে সংহতি প্ৰকাশ কৰি গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছে পদযাত্ৰা আৰু সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে ।
দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা চৌহদৰ সন্মূখত সমবেত হৈ কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে সত্যাগ্ৰহ কাৰ্যসূচীৰে বিক্ষোভ প্ৰদৰ্শন কৰে । এই কাৰ্যসূচীৰ নেতৃত্ব দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ।
কংগ্ৰেছৰ নেতা-কৰ্মীসকলে মানবেন্দ্ৰ শৰ্মা চৌহদৰ পৰা পদযাত্রা কৰিব বিচাৰে যদিও আৰক্ষীয়ে বেৰিকেট দি বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰীসকলে বেৰিকেড নেওচি আগুৱাই যাবলৈ চেষ্টা কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে । অৱশ্যে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক পথলৈ ওলাই অহাত বাধা প্ৰদান কৰে ।
সংবাদ মাধ্যমৰ আগত সাংসদ গৌৰৱ গগৈয়ে কয়, "গণতন্ত্ৰ, সংবিধান আৰু ন্যায়ৰ পক্ষত কংগ্ৰেছ দলৰ অটল স্থিতি সদায় অব্যাহত থাকিব । সংবিধান অনুসৰি ভাৰতীয় নাগৰিকৰ সমান অধিকাৰ আছে আৰু থাকিব লাগিব । অধিকাৰ ৰক্ষাৰ বাবে আমি ওলাই আহিছো । সংবিধান সুৰক্ষিত থকাৰ আহ্বান লৈ ওলাই আহিছো । অসম আৰক্ষীয়ে গৃহবিভাগৰ নিৰ্দেশত বাধা প্ৰদান কৰিছে । তেওঁলোকে নিবিচাৰে যে সংবিধানৰ পক্ষত ৰাইজৰ মাজত জাগৰণ হওক । তেওঁলোকে বিচাৰে যে তেওঁলোকৰ ভয়ৰ ৰাজনীতি চাই অসমৰ জনসাধাৰণ নিমাত হৈ থাকক । ৰাজনৈতিক দলবোৰ নিমাত হৈ থাকক । কিন্তু এতিয়া সেই সময় পাৰ হ'ল । এতিয়া জনসাধাৰণে ভয় নকৰে । জনসাধাৰণে নিজৰ সাংবিধানিক সুবিধাৰ বাবে সংগ্ৰাম কৰিবই ।"
তেওঁ লগতে কয়, "বিজেপিৰ চৰকাৰ থকা ৰাজ্যত মল্লিকাৰ্জুন খাৰ্গেই সভা কৰিছিল । সভা শেষ হোৱাৰ পাছত সভাস্থলীত বিজেপি, আৰ এছ এছ, বিশ্ব হিন্দু পৰিষদৰ মানুহবোৰ তাত গৈ পূজাৰ আয়োজন কৰিছে । এইটো তেওঁলোকৰ মেৰুকৰণৰ চিন্তাধাৰা । তেওঁলোকৰ মতে সকলো সমান নহয় । এই মানসিকতাৰ বিৰুদ্ধে আমি মাত মাতিছো। তেওঁলোকে ভাৱে যে ক্ষমতা সদায় তেওঁলোকৰ হাতত থাকিব। কিন্তু দেশৰ ভিতৰত পৰিস্থিতিৰ পৰিৱৰ্তন হৈছে । জনসাধাৰণে সকলো উপলব্ধি কৰিছে । আৰক্ষীৰ বল যিমানে প্ৰয়োগ নকৰক কিয় আমি আমাৰ সংবিধানৰ অধিকাৰ লৈ আগুৱাই যাম । তেওঁলোকে আমাক ৰখাব নোৱাৰে । ভয়ৰ বাবেই ইমান পুলিচ পঠাই দিছে । আমাৰ সংগ্ৰাম সদায় চলি থাকিব ।"