পথৰ নামত আৱণ্টিত ৪ লাখ টকাৰ মাত্ৰ ৩৮ হাজাৰহে ব্যৱহাৰ ! - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
কলগাছিয়াত পথ নিৰ্মাণত ভয়ংকৰ গাফিলতিৰ অভিযোগ (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 9, 2026 at 3:33 PM IST

2 Min Read
Choose ETV Bharat

জনীয়া: বৰপেটা জিলাৰ মন্দিয়া সমষ্টিত পথ মেৰামতিৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে । ঠিকাদাৰ তথা পথ নিৰ্মাণৰ দায়িত্বত থকা লোকে বিধায়ক উন্নয়ন পুঁজিৰে পথ মেৰামতিৰ নামত ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । নামমাত্ৰ ছেণ্ড গ্ৰেভেল পেলাই পথ মেৰামতিৰ নামত আৱণ্টন হোৱা ৪ লাখ ১৫ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ৰাইজে ।

অভিযোগ অনুসৰি মন্দিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ ৰামপুৰত লোকনিৰ্মাণ বিভাগৰ অধীনৰ পথৰ পৰা ৰামপুৰ বজাৰলৈ সংযোগ কৰা গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ বাবে জনীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ হাফিজ ৰফিকুল ইছলামে বিধায়ক উন্নয়ন পুঁজিৰ পৰা ৪ লাখ ১৫ হাজাৰ টকা আৱণ্টন দিছিল । কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কামৰ দায়িত্বত থকা ছাহজাহান আলী, আয়নাল হক, প্ৰাক্তন পঞ্চায়ত সভাপতি বাহাৰুল ইছলাম আৰু আব্দুল কৰিমে প্ৰায় ৩৮ হাজাৰ টকাৰ কাম কৰি আৱণ্টন হোৱা বাকী ধন আত্মসাৎ কৰে ।

এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "শুনিছিলো ৪ লাখ ১৫ হাজাৰ টকাৰ কাম আহিছিল । কিন্তু ৩৮ হাজাৰ টকাৰ কাম হোৱা বুলি গম পাইছোঁ । ইয়াত বহুত কেলেংকাৰী হৈছে । পথৰ কাষত বান্ধ দিয়া নাই, আগতে মাটি পেলোৱা নাই, ৰ'লাৰ ব্যৱহাৰ কৰা নাই । বৰষুণ দিলে এইবোৰ ওলাই যায় ।" আন এগৰাকীয়ে কয়, "আমাৰ এই পথটো ভালদৰে মেৰামতি হ'ব লাগে । সোনকালে তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে ।" অঞ্চলটোৰ ৰাইজে শীঘ্ৰে এই সন্দৰ্ভত তদন্তৰ দাবী জনাইছে ।

লগতে পঢ়ক :

দহদিনৰ পাছতো মেৰামতি হোৱা নাই চিমেন নদীয়ে ভঙা ৰে’লৰ দলং, ক্ষোভিত জোনাইবাসী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details