মাজুলীত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ, ৰাইজে জবাবদিহি কৰিলে ঠিকাদাৰক - IRREGULARITIES IN ROAD CONSTRUCTION

🎬 Watch Now: Feature Video

thumbnail
মাজুলীত পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ, ৰাইজে জবাবদিহি কৰিলে ঠিকাদাৰক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 29, 2026 at 12:14 PM IST

1 Min Read
Choose ETV Bharat

মাজুলী: মাজুলীৰ বনগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত উজনি বনগাঁৱত এটা পথ নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি ঠিকাদাৰে বিসংগতিপূৰ্ণভাৱে কৰিছে এই পথৰ কাম । সৰু সৰু শিলৰ পৰিৱৰ্তে ডাঙৰ পাথৰ আৰু সম্পূৰ্ণ মাটি নেপেলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ৰাইজে জিলা প্ৰশাসনক এই বিষয়ে অৱগত কৰাত অঞ্চলটোত উপস্থিত হৈ সহকাৰী আয়ুক্তৰ লগতে মাজুলী খণ্ড উন্নয়ন বিষয়াই পথটো পৰ্যবেক্ষণ কৰে। এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "আমাৰ গাঁৱলৈ অহা এইটোৱে হৈছে মূল পথ । গতিকে মূল পথটো ভাল হোৱাটো বিচাৰো যাতে ৰাইজৰ অহা যোৱা কৰাত সুবিধা হয় । পথটো নিৰ্মাণ কৰা ব্য়ক্তসকল আমাৰ অঞ্চলৰে । এনৰেগাৰ অধীনত নিৰ্মাণ কৰা পথটোত যিমান মাটি দিব লাগিছিল সিমান দিয়া নাই । তেওঁলোকৰ প্ৰতি আমাৰ বেয়া ভাব নাই, মাথো কামটো ভাল হোৱাটো বিচাৰো ।"

আন এজন স্থানীয় ব্য়ক্তিয়ে কয়, "কামৰ নিৰ্দেশনা মতে,কামটো হোৱা নাই । প্ৰথমতে আমি এই সন্দৰ্ভত তেওঁলোকৰ লগত আলোচনা কৰিছিলো । তেওঁলোকে আমাক উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰিবলৈ কৈছিল আৰু সেইবাবে আমি উপায়ুক্তক জনাই প্ৰশাসনে কামটো নিৰীক্ষণ কৰে ।"

লগতে পঢ়ক:উচ্চ ন্যায়ালয়ৰ সেউজ সংকেত পালে নেঘেৰিবিলত পুনৰ চলিব উচ্ছেদ

উৰিয়ামঘাটত উপস্থিত অসমৰ অতিৰিক্ত মুখ্য সচিব, শীঘ্ৰে নাকী লগাব শিল মাফিয়াক

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details