নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান - ASSAM TRAGIC ACCIDENT

🎬 Watch Now: Feature Video

thumbnail
নিমাওমাও টিহুৰ হৰিভাংগা, বাতিল কৰিছে বিহুৰ অনুষ্ঠান (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 26, 2026 at 1:30 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী : অভিশপ্ত ১১ ব'হাগে প্ৰাণ কাঢ়িলে এটি সম্ভাৱনাময় প্ৰতিভাৰ । নলবাৰীৰ টিহু হাৰিভাংগাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ বাহন পতিত হয় এক ভয়ংকৰ দুৰ্ঘটনাত । দুৰ্ঘটনাত মৃত্যুক আঁকোৱালী ল'লে নিশামনি হালৈ নামৰ এগৰাকী প্ৰতিভাসম্পন্ন বিহুৱতীয়ে । তামুলপুৰৰ নোৱাখাটত দুৰ্ঘটনাত পতিত হৈছিল দলটোৰ বাহনখন । কেইবাগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ সম্প্ৰতি চিকিৎসাধীন হৈ আছে ।

এই ঘটনাৰ পিছতে সমগ্ৰ টিহু-হাৰিভাংগাৰ লগতে হাৰিভাংগাৰ আখৰা শিবিৰত এক নিমাওমাও পৰিৱেশে বিৰাজ কৰে । প্ৰায় ৩৫ বছৰ পুৰণি ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ এই খবৰে সকলোকে মৰ্মাহত কৰি তোলে । এই ঘটনৰ পিছতে ৭১ সংখ্যক হাৰিভাংগা কেন্দ্ৰীয় ৰঙালী বিহুৰ শনিবাৰৰ সকলো কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত লয় ।

শনিবাৰে আছিল বিহুৰ সামৰণি অনুষ্ঠান । বঁটা বিতৰণ, মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠান আছিল শনিবাৰে । সাংস্কৃতিক অনুষ্ঠানত সংগীত পৰিৱেশন কৰাৰ কথা আছিল দিগন্ত ভাৰতীয়ে । কিন্তু নিশামনিৰ মৃত্যুত শোক প্ৰকাশ আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰি এখন জৰুৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে ৭১ সংখ্যক হাৰিভাংগা কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিয়ে ।

লগতে পঢ়ক: বিহু মঞ্চত আৰু দেখা নাপাব নিশামণিক: দক্ষিণ কেন্দুকুছিতে আছিল অন্তিম অনুষ্ঠান

ৰৈ থকা ট্ৰাকত তীব্ৰবেগী ছুইফট ডিজায়াৰৰ প্ৰচণ্ড খুন্দা, মুহূৰ্ততে নিঃশেষ তিনি যুৱতীৰ জীৱন

ABOUT THE AUTHOR

...view details