যোগীঘোপাৰ হোটেলত ওলাল নিষিদ্ধ মাংস - POLICE SEIZED BEEF MEAT

🎬 Watch Now: Feature Video

thumbnail
যোগীঘোপাৰ হোটেলত ওলাল নিষিদ্ধ মাংস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 11, 2026 at 2:02 PM IST

1 Min Read
Choose ETV Bharat

অভয়াপুৰী: পুনৰ গো-মাংসৰ প্ৰসংগ ৷ কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ কৃষ্ণাইত ছাত্ৰই টিফিনত গো-মাংসক অনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল ৷ শেহতীয়াকৈ অভয়াপুৰীৰ যোগীঘোপাৰ এখন হোটেলত ওলাল নিষিদ্ধ গো-মাংস ৷

জানিব পৰা মতে, বুধবাৰে নিশা যোগীঘোপাৰ মূল বজাৰত অৱস্থিত ছেভেন তাজ হোটেলত আৰক্ষীয়ে অভিযান চলায় । অভিযানকালত যোগীঘোপা আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ গো-মাংস ৷ লগতে যোগীঘোপা আৰক্ষীয়ে অসম গো সুৰক্ষা আইন ২০২১ৰ অধীনত হোটেলৰ স্বত্বাধিকাৰ হাফিজুল ইছলাম ওৰফে ৰাজাকো আটক কৰে । জানিব পৰা মতে, গো-মাংস বিক্ৰী কৰি ইয়াৰ পূৰ্বেও হাফিজুল ইছলাম জেললৈ গৈছিল ।

হোটেলখনত ভাত খাবলৈ অহা এজন লোকে কয়, ‘‘মই আগতেই গম পাইছিলো ইয়াত গো-মাংস বিক্ৰী কৰে বুলি ৷ কিন্তু মই আজি এই হোটেলত কোনো মাংস খোৱা নাই ৷ মই ভাত খাই থাকোতেই পুলিচ আহিল আৰু এজনক আটক কৰি লৈ গৈছে ৷’’

আৱশ্যে আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই ৷

লগতে পঢ়ক : আমিষ খাদ্য নচলিব ! ছাত্ৰ-ছাত্ৰীক টিফিনত কেৱল নিৰামিষ খাদ্যহে দিব পাৰিব অভিভাৱকে

লগতে পঢ়ক : ছাত্ৰই টিফিনত আনিলে গো-মাংস ! গোৱালপাৰাৰ বিদ্যালয়ত হাহাকাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details