কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ পহিলা ব’হাগত ৰঙালী বিহু উদযাপন - AASU BIHU IN KALIABOR

🎬 Watch Now: Feature Video

thumbnail
ৰঙালী বিহু উদযাপন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 16, 2026 at 12:58 PM IST

2 Min Read
Choose ETV Bharat

কলিয়াবৰ : বিগত বছৰসমূহৰ দৰে পৰম্পৰা অক্ষুণ্ণ ৰাখি চলিত বৰ্ষতো পহিলা ব’হাগৰ দিনটোত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কুঁৱৰীটোলৰ গান্ধী পথাৰত হেঁপাহৰ ৰঙালী বিহু উদযাপন কৰে । বুধবাৰে অনুষ্ঠিত কাৰ্যসূচীত সমন্বিত যুৱতীৰ্থৰ হুঁচৰি, বৰবিহুৱা ৰঞ্জিত গগৈ আৰু সংগীবৃন্দ, ফ্ৰেণ্ডশ্বিপ ক্লাবৰ মুকলি বিহুৰ লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত মাহযোৰা বিহু কৰ্মশালাত প্ৰশিক্ষিত দুই শতাধিক নাচনীয়ে মুকলি বিহু প্ৰদৰ্শন কৰে ৷

এই অনুষ্ঠানতেই কলিয়াবৰৰ কেইবাগৰাকীও জ‍্যেষ্ঠ আৰু উদীয়মান শিল্পী, কলা-কুশলীক সম্বৰ্দ্ধনা তথা অভিনন্দন জনোৱা হয় । ভাস্কৰ লক্ষী হাজৰিকা, অসম চৰকাৰৰ শিল্পী পেন্সনাৰ ক্ৰমে সত্ৰীয়া শিল্পী ললিত বৰা, ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেত্ৰী ৰুণু বৰাক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সত্ৰীয়া নৃত্যৰ গৱেষক ছাত্ৰী, নৃত্যাংগনা দীপশিখা ভূঞা আৰু উদীয়মান সংগীত পৰিচালক তথা গায়ক অংশুৰাজ কাশ্যপক নিজ-নিজ ক্ষেত্ৰত দেখুওৱা সফলতা বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয় ।

ইয়াৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থা আৰু মুকলি বিহুৰ পতাকা উত্তোলন কৰাৰ লগতে স্মৃতি তৰ্পণ অনুষ্ঠান সম্পন্ন কৰা হয় । এই সন্দৰ্ভত উদ্যোক্তাসকলে কয়, ‘‘কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বিগত বছৰসমূহত দৰেই কলিয়াবৰীয়া ৰাইজৰ সহযোগত পহিলা ব’হাগৰ দিনা ৰঙালী বিহু আয়োজন কৰি আহিছে । এই কৰ্মশালাত অসমৰ বিভিন্ন স্থানৰ অনুষ্ঠানসমূহে বিহু তথা লোক-সংস্কৃতিৰ অনুষ্ঠান পৰিৱেশন কৰে । এইবাৰ অসম গৌৰৱ ৰঞ্জিত গগৈৰ দলটিয়ে উত্তৰ পূবৰ সমন্বয় এনাজৰী নৃত্য-গীতৰ জৰিয়তে প্ৰদৰ্শন কৰে । লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আয়োজন কৰা বিহু কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলেও বিহু প্ৰদৰ্শন কৰে । যি আমাৰ বাবে গৌৰৱৰ বিষয় ।’’

লগতে পঢ়ক : প্ৰাণৰ শিল্পীৰ অবিহনেই বিহালীত ৰঙালী বিহু উদযাপন

ABOUT THE AUTHOR

...view details