বন্যহস্তীয়ে কাঢ়িলে মহিলাৰ প্ৰাণ, ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ - WILD ELEPHANT ATTACK

🎬 Watch Now: Feature Video

thumbnail
বন্যহস্তীয়ে কাঢ়িলে মহিলাৰ প্ৰাণ, ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 14, 2026 at 1:58 PM IST

1 Min Read
Choose ETV Bharat

বঢ়মপুৰ: নগাঁও জিলাৰ কঠীয়াতলী বনাঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত কন্দলী কুঁহিয়াৰতলি কাৰ্বি গাঁৱৰ এটা বাসগৃহত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলাৰ মৃত্যু । ভাঙি লণ্ডভণ্ড কৰিলে বাসগৃহও । জানিব পৰা মতে মহিলাগৰাকীক বাসগৃহৰ পৰা টানি আনি বন্যহস্তীয়ে গচকি-আচাৰি পেলায়  ৷ ফলত মহিলাগৰাকীৰ মৃত্যু হয় ৷ দীৰ্ঘ সময় ধৰি পথৰ ওপৰতে পৰি ৰয় মহিলাগৰাকীৰ মৃতদেহ ৷ নিহত মহিলাগৰাকী ৰূপালী ৰংপি বুলি জানিব পৰা গৈছে ৷ এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে ১০ বছৰীয়া সন্তান আৰু স্বামীৰ ৷  

উল্লেখ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত বন্যহস্তীৰ জাকে সন্ত্ৰাস চলাই আছিল ৷ এই সম্পৰ্কত এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, "কন্দলী অঞ্চলত পোন্ধৰ-বিশ দিন ধৰি হাতীৰ উপদ্ৰৱ চলি আছে । খুব দুভাৰ্গ্যজনকভাৱে দহ বছৰীয়া সন্তানৰ মাতৃক হাতীয়ে হত্যা কৰে । এইক্ষেত্ৰত বিভাগক ব্যৱস্থা ল'বৰ বাবে অনুৰোধ জনাইছোঁ । ঘৰত বাপেক, জীয়েক, মাক শুই আছিল । হাতী অহা গম পাই মানুহজনী পিছফাললৈ ওলাই আহোতে ঘৰৰ পৰা চোঁচৰাই নি আঁতৰত ৰাস্তাত মাৰিছে ।"

লগতে পঢ়ক: Miss Grand India 2026: কোন এই মৃগাশ্ৰী বৰুৱা ? মিছ গ্ৰেণ্ড ইণ্ডিয়াত অসমৰ জীয়াৰীৰ চমকপ্ৰদ সফলতা

জাগীৰোডত গৰুচোৰৰ সন্ত্ৰাস, একে নিশাতে কৰিলে গোহালি উদং - COW THIEVE

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details