বনকৰা নাবালিকাক বছৰ ধৰি যৌন নিৰ্যাতনৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে - ALLEGATION OF SEXUAL HARASSMENT

🎬 Watch Now: Feature Video

thumbnail
শিক্ষকৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 17, 2026 at 6:11 PM IST

1 Min Read
Choose ETV Bharat

দক্ষিণ শালমাৰা মানকাচৰ: দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী অসম-মেঘালয় সীমান্তৱৰ্তী পাণবাৰীত এগৰাকী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ । এগৰাকী ১৭ বছৰীয়া বনকৰা নাবালিকাক প্ৰায় এবছৰ ধৰি শিক্ষকগৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।  

এই অভিযোগ উত্থাপন কৰি নাবালিকাগৰাকীয়ে কয়,"মই আবু বক্কৰ ভূইয়াৰ ঘৰত কাম কৰোঁ । তেওঁ শিক্ষক হয় । দিন হ'লে ভাল, কিন্তু নিশা হ'লেই মোৰ লগত বেয়া কাম কৰে । তেওঁৰ পত্নী মানসিকভাৱে অসুস্থ । তেওঁৰ পত্নীৰ লগত নাথাকি মোৰ লগত থাকে । মোৰ ঘৰ মানকাচৰ । মোৰ মাৰ মৃত্যু হৈছে, মোৰ দেউতা অচল । মই শিক্ষকজনৰ ঘৰত কাম কৰি খাওঁ । মোৰ লগত শিক্ষকজনে জবৰদস্তি বেয়া কাম কৰে । মোক ইয়াৰ বিচাৰ লাগে ।"

ইফালে, উক্ত খবৰ লাভ কৰি মেঘালয় আৰক্ষীৰ সহযোগত দক্ষিণ শালমাৰা মানকাচৰ জিলা শিশু সুৰক্ষা গোটে মঙলবাৰে বিয়লি শিক্ষকজনৰ ঘৰত অভিযান চলাই নাবালিকাগৰাকীক উদ্ধাৰ কৰে । অভিযানৰ সময়ত শিক্ষক জন ঘৰত নাছিল যদিও তেওঁৰ পত্নী ঘৰত থকাৰ সময়তে নাবালিকাগৰাকীক উদ্ধাৰ কৰে গোটটোৱে ।  

লগতে পঢ়ক: নাৰীদেহ ব্যৱসায়ৰ সৈতে জড়িত তিনি অভিযুক্তক জে'ললৈ

নলবাৰীত আছু নেতা মাধুৰ্য বৰ্মনৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি, আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ অংশগ্ৰহণ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details