নীট পৰীক্ষাত উজলিল মানকাচৰৰ জাকাৰিয়া ইছলাম শ্বেখ - NEET UG EXAM 2026

🎬 Watch Now: Feature Video

thumbnail
নীট পৰীক্ষাত উজলিল মানকাচৰৰ জাকাৰিয়া ইছলাম শ্বেখ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 19, 2026 at 1:48 PM IST

1 Min Read
Choose ETV Bharat

দক্ষিণ শালমাৰা মানকাচৰ : সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত উজলিল দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ মাতিনেৰ চৰ গাঁৱৰ বাসিন্দা হাফিজ জাহিৰুল ইছলাম শ্বেখৰ পুত্ৰ জাকাৰিয়া ইছলাম শ্বেখ । জাহিৰুল ইছলাম সেখ পেছাত এজন পৰ্টেলৰ সাংবাদিক ।

সৰ্বভাৰতীয় নীট পৰীক্ষাত ৫৪৩ নম্বৰ লাভ কৰা জাকাৰিয়া ইছলাম শ্বেখ কয়, ‘‘ভালে লাগিছে, ইমান দূৰ আহিম বুলি ভবা নাছিলো । মোৰ শিক্ষক/শিক্ষয়িত্ৰীসকলেও মোক বহুত সহায় কৰিছে । মই হোজাই আজমল ছুপাৰ ৪০ ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৮৮ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছো । মই মাদ্ৰাছাত পঢ়িছো । মাদ্ৰাছাত পঢ়াৰ পাছত অষ্টম শ্ৰেণীৰ পৰা স্কুলত ভৰ্তি হৈছিলো । তাৰ পাছত এইটো সপোন পূৰ গ'ল ।’’

জাহিৰুল ইছলাম শ্বেখ পুত্ৰৰ সফলতাত আনন্দ প্ৰকাশ কৰি কয়, ‘‘মৌলানা বদৰউদ্দিন আজমলক ধন্যবাদ জনাইছো । মৌলানা বদৰউদ্দিন আজমলৰ সহায়ত মোৰ পুত্ৰ আজি চিকিৎসক হ'ব । তেখেতৰ সহায়ৰ কাৰণে মোৰ সপোন পূৰণ হ'ল ৷

তেওঁ আৰু কয়, ‘‘আমি দুখীয়া মানুহ । দুখীয়া মানুহৰ দুখ দৰত বুজি পাওঁ । আমাৰ ল’ৰাৰ প্ৰতি এটা উপদেশ থাকিব - ল’ৰাই যাতে দুখীয়া মানুহক মৰম বা সহানুভূতি দেখুৱায় ।’’ 

লগতে পঢ়ক : নীটত উত্তীৰ্ণ হৈ দৰঙলৈ সুনাম কঢ়িয়ালে তেজস প্ৰতীম চহৰীয়াই

লগতে পঢ়ক : কলগাছিয়াৰ আজমল ছুপাৰ ৪০ৰ সফলতা; নীটত উত্তীৰ্ণ ২৪ গৰাকী শিক্ষাৰ্থী