জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ তিনিচুকীয়াত ছাত্ৰীৰ মৃত্যু - ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়
🎬 Watch Now: Feature Video

Published : July 10, 2026 at 9:40 PM IST
তিনিচুকীয়া: শুকুৰবাৰে তিনিচুকীয়াৰ বৰজান গাঁৱৰ ৰিজাৰ্ভ বস্তিত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে এগৰাকী ছাত্ৰী ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, ২১ জুনত ছাত্ৰীগৰাকী জ্বৰত আক্ৰান্ত হোৱাত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰিছিল । কিন্তু ছাত্ৰীগৰাকীৰ স্বাস্থ্য উন্নত নোহোৱাত পৰিয়ালৰ লোকে ২৩ জুনত মাকুম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ উক্ত দিনাই প্ৰেৰণ কৰে ।
ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়তে ছাত্ৰীগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটাত পৰৱৰ্তী সময়ত আইচিউত চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে পুৱাতে মৃত্যু হয় ছাত্ৰীগৰাকীয়ে । ইফালে এনকেফ্লাইটিছ ৰোগ ৰোধৰ বাবে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ে সময় অনুযায়ী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ছাত্ৰীগৰাকীৰ মৃত্যু হ'ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰে ৷ ইফালে ছাত্ৰীগৰাকীৰ বাসগৃহত ফগিং দিয়া আদিৰ ব্যৱস্থা কৰিছে যদিও এই ৰোগ প্ৰতিৰোধৰ বাবে সম্ভাৱ্য স্থান বা গ্ৰামাঞ্চলত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷
লগতে পঢ়ক: ভুৱা চেক দি ৫৮ লাখ টকাৰ সোণ লৈ উধাও: আহমেদাবাদত গ্ৰেপ্তাৰ প্ৰৱঞ্চক মহিলা