ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা চাৰি প্ৰসংগীয়া পালনাম আৰম্ভ
🎬 Watch Now: Feature Video

Published : August 19, 2026 at 2:54 PM IST
টীয়ক : আজি পহিলা ভাদ । পুৱাৰে পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ সমাৱেশ ঘটিছে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰত । হাতে হাতে ধূপ-চাকি-শৰাই লৈ নেদেখাজনৰ চৰণত সেৱা লৈছে ভকত-বৈষ্ণৱে । ইতিমধ্যে প্ৰাতঃপ্ৰসংগ সমাপন হৈছে আৰু দ্বিতীয় প্ৰসংগ আৰম্ভ হৈছে ।
উল্লেখ্য যে বুধবাৰৰ পৰা মাহজোৰাকৈ ঢেকীয়াখোৱা বৰনামঘৰত পালনাম অনুষ্ঠিত হ'ব । ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাইজে অংশগ্ৰহণ কৰিব । ইপিনে মাধৱদেৱ গুৰুজনাই নিজহাতে অমিতা কাটি প্ৰজ্বলন কৰা প্ৰায় ৫০০ বছৰীয়া অক্ষয় বন্তিত সেৱা লৈ ভকত-বৈষ্ণৱে নিজৰ নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে ।
নামঘৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতাই কয়, "আজিৰে পৰা আমাৰ ভাদমহীয়া মাহজোৰা পালনাম আৰম্ভ হৈছে । ইয়াত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে দৈনিক লক্ষাধিক ভকত-বৈষ্ণৱৰ সমাৱেশ ঘটিব । আমি সকলোকে নামঘৰলৈ আহিবলৈ আহ্বান জনাইছোঁ আৰু আমাৰ ভকত আদৰণিত যেন কোনো ত্ৰুটি থাকি নাযায় তাৰ বাবে জিলা প্ৰশাসনকে ধৰি সকলো বিভাগৰ সহযোগ বিচাৰিছোঁ আৰু সকলোকে আশীৰ্বাদ প্ৰদান কৰিছোঁ ।"
তেওঁ লগতে কয়, "জলপ্ৰলয়ৰ ফলত ক্ষয়-ক্ষতি ইমানতে যেন অন্ত পৰে আৰু যিসকলে এই দুৰ্যোগত প্ৰাণ ত্যাগ কৰিলে সকলোৱে চিৰশান্তি পাওক, আজিৰ এই বিশেষ দিনটোত তাকে কামনা কৰিছোঁ ।"
| লগতে পঢ়ক :অসমৰ ভূমিত অৰুণাচলৰ লোকপিয়ল: জোনাইত প্ৰতিবাদ |