চিলাপথাৰত ষ্ট্ৰিট লাইটৰ খুটাত বিদ্যুৎপৃষ্ঠ হৈ এজনৰ কৰুণ মৃত্যু - ই টিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : June 18, 2026 at 1:42 PM IST
জোনাই : এক দুখৰ খবৰ ৷ ষ্ট্ৰিট লাইটৰ খুটাত মুক্তভাৱে ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এক লোকৰ মৃত্যু হয় ৷ বুধাবাৰে সন্ধিয়া প্ৰায় ৭.১৫ বজাত চিলাপথাৰৰ জনজাতিস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনাটো সংঘটিত হয় ৷ মৃত লোকজন চিলাপথাৰৰ চিলাগাঁৱৰ গণেশ দাস বুলি চিনাক্ত কৰা হৈছে ৷
সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে কয়, ‘‘ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাৰ হেমাহীৰ বাবেই আজি এজন লোকৰ প্ৰাণ গ'ল ৷ ৰাস্তা পাৰ হ’ব খোজোতেই ষ্ট্ৰিট লাইটৰ খুটাত ধৰাই কাল হ’ল গণেশৰ বাবে ৷’’ বিভাগীয় কৰ্তৃপক্ষক এই ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ দাবী জনোৱাৰ লগতে দুখীয়া পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে সদৌ অসম বঙালী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ লগতে স্থানীয় ৰাইজেও ।