একক নাগৰিক সংহিতাৰ প্ৰৱৰ্তনক লৈ সৰুপথাৰ মহাবিদ্যালত তৰ্ক প্ৰতিযোগিতা - DEBATE COMPETITION

🎬 Watch Now: Feature Video

thumbnail
সৰুপথাৰ মহাবিদ্যালত তৰ্ক প্ৰতিযোগিতা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 19, 2026 at 9:20 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: গোলাঘাট জিলাৰ অন্যতম উচ্চশিক্ষাৰ কঠিয়াতলী সৰুপথাৰ মহাবিদ্যালয়ত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনী, আভ্যন্তৰীণ মাণ নিৰ্ণায়ক কোষ আৰু ছাত্ৰ একতা সভাৰ সহযোগত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হয় উত্তৰ পূৰ্বাঞ্চল ভিত্তিক তৰ্ক প্ৰতিযোগিতা । তৰ্কৰ বিষয়, সদনৰ মতে 'উত্তৰ পূৰ্বাঞ্চলৰ প্ৰেক্ষাপটত একক নাগৰিক সংহিতাৰ প্ৰৱৰ্তনে আমূল পৰিৱৰ্তন সাধন কৰিব ৷'

মুঠ ১৮ গৰাকী তাৰ্কিকে অংশগ্ৰহণ কৰা তৰ্ক প্ৰতিযোগিতাখন অতি সময়োপযোগী বিষয়ত সপক্ষে-বিপক্ষে তুমূল প্ৰতিযোগিতা হয় । অধ্যক্ষৰ আসন অলংকৃত কৰে ড৹ মহাশ্বেতা দেৱী, বিচাৰক হিচাপে থাকে উজনি অসমৰ বিশিষ্ট সাংবাদিক কৌস্তুভমণি কাকতি, বিশিষ্ট তাৰ্কিক, তাত্ত্বিক বিশ্লেষক ত্ৰিদিপ ভাগৱতী, বিশিষ্ঠ তাৰ্কিক তথা গৱেষক ছাত্ৰ প্ৰাঞ্জল ডেকা ।

প্ৰতিযোগিতাখনিত শ্ৰেষ্ঠ তাৰ্কিক কে.চি দাস কমাৰ্চ কলেজৰ নিখিল মহেশ্বৰীয়ে লাভ কৰে । দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে যুটীয়াকৈ কটন বিশ্ববিদ্যালয়ৰ গীতাৰ্থ বৰা, বাহনা কলেজৰ দীপাংকৰ শইকীয়াই লাভ কৰে । তৃতীয় শ্ৰেষ্ঠ তাৰ্কিক হিচাপে যুটীয়াভাৱে কটন বিশ্ববিদ্যালয়ৰ জিত পাঠক, সতী সাধনী বিশ্ববিদ্যালয়ৰ দিব্যজ্যোতি নাথে লাভ কৰিবলৈ সক্ষম হয় ।

তৰ্ক প্ৰতিযোগিতাৰ সমন্বয়ক তথা বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যব্ৰত দত্তই কয়,"সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে আজি সৰুপথাৰ মহাবিদ্যালয়ত উপস্থিত হৈছে । প্রত্যন্ত এলেকাৰ এই মহাবিদ্যালয়খনক বৌদ্ধিক জাগৰণৰ এক বিন্দু হিচাপে আগবঢ়াই নিবলৈ আমি যি চেষ্টা কৰিছোঁ, বিশেষকৈ দেশৰ এক জ্বলন্ত সমস্যা একক নাগৰিক সংহিতা আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত কিমান পৰিৱৰ্তন সাধন কৰিব, এই বিষয়ক লৈ আমি আজি নৱ প্ৰজন্মৰ বিশেষকৈ ছাত্ৰ সমাজৰ তেওঁলোকৰ যি মতামত, সেয়া আজি পাইছোঁ ।"

লগতে পঢ়ক: বাঁহক দিছে অনন্য ৰূপ, প্ৰাণ পাইছে ন ন শিল্পই

চপৰা চপৰে খহিছে মথাউৰি, চিন্তিত নৈপৰীয়া ৰাইজ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details