ভোটদানৰ বাবে শাৰী পতাক লৈ প্ৰচণ্ড মাৰপিট - ধিং
🎬 Watch Now: Feature Video

Published : April 9, 2026 at 6:39 PM IST
ধিং: দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে সম্পন্ন হ'ল অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । সকলোৱে সাব্যস্ত কৰিলে নিজৰ নিজৰ ভোটাধিকাৰ । পুৱাৰে পৰা দীঘলীয়া শাৰী পাতি ভোটদান কৰে ৰাজ্যৰ আটাইকেইটা সমষ্টিৰ ভোটাৰে । পিছে ইয়াৰ মাজতে এটা ভোটকেন্দ্ৰত লাগিল অথন্তৰ । দুটা পক্ষৰ মাজত লাগিল তয়াময়া ৰণ ।
ভোটদানৰ বাবে শাৰী পতাক লৈ ভোটাৰৰ মাজত লাগিল মাৰপিট । ঘটনা নগাঁও জিলাৰ ধিঙৰ । ভোটদানৰ বাবে শাৰী পতাক লৈ প্ৰথমে বাক-বিতণ্ডা আৰু পিছলৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । ধিং সমষ্টিৰ ১০৭ নং পুঠিমাৰীৰ ১ নং ভোটকেন্দ্ৰত ভোটাৰৰ মাজত সংঘটিত হয় এই বিক্ষিপ্ত ঘটনা । পৰৱৰ্তী সময়ত তাত উপস্থিত থকা আৰক্ষীৰ হস্তক্ষেপত শাম কাটে পৰিস্থিতি ।