ইউনুছ তামুলীৰ বিতৰ্কিত মন্তব্য, শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল - YUNUS TAMULI

🎬 Watch Now: Feature Video

thumbnail
ইউনুছ তামুলীৰ বিতৰ্কিত মন্তব্য, শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 2, 2026 at 10:57 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ: সততে বিতৰ্কিত মন্তব্যৰে চৰ্চাত থাকি ভালপোৱা ইউনুছ তামুলীৰ বিৰুদ্ধে এইবাৰ নাৰী সন্দৰ্ভত লজ্জাজনক মন্তব্য দিয়াৰ অভিযোগ উত্থাপন হৈছে । নাৰী সমাজে উক্ত বিতৰ্কিত মন্তব্য উঠাই ল’বলৈ আহ্বান জনাইছিল ৷ কিন্তু কোনো গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে জাগৃত নাৰী সমাজ আৰু জাতীয় সংগ্ৰামী মহিলা পৰিষদে ইউনুছ তামুলীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে ।

জাগৃত নাৰী সমাজৰ সভানেত্ৰী পদ্মা চেতিয়াই বিষয়টো সন্দৰ্ভত কয়, "নিৰ্লজ্জ মন্তব্য কৰা ব্যক্তিজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে । তামুলী এজন স্বয়ম্ভু নেতা । নিজকে বাঘ সেনা বুলি কয়, কিন্তু তেওঁ বাঘ সেনা নহয়, এটা মেকুৰী হয় ।" তেওঁৰ যদি সাহস আছে সন্মুখত ক’বলৈ আহ্বান জনায় ।

আনহাতে জাতীয় সংগ্ৰামী মহিলা পৰিষদৰ নেত্ৰী ৰিম্পী বড়াই কয়, "এই ইউনুছ তামুলীয়ে শিৱসাগৰলৈ এশ মিঞা আনিব বুলি কৈছিলে । এতিয়া শিৱসাগৰত যে ইমান ড্ৰাগছ ওলাইছে তাৰ ঠিকা ইউনুছ তামুলীয়ে লৈ কমিছন খোৱা নাইতো বুলি সন্দেহ হয় ।" লগতে ইউনুছ তামুলীক অনতিপলমে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৰিম্পী বড়াই ।

লগতে পঢ়ক: পান কাৰ্ড, ভোটাৰ কাৰ্ড নাগৰিকত্বৰ নথি নহয়: ২০১৯ৰ ৰায় বাহাল ৰাখি গুৱাহাটী উচ্চ ন্য়ায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

মহানগৰীত সিচঁৰতি হৈ আছে এশ কোটিৰো অধিক জালনোট, সৰবৰাহকাৰীৰ স্বীকাৰোক্তি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details