দেৰগাঁৱত নিশা ভালুকৰ মুক্ত বিচৰণ; আতংকিত ৰাইজ - BEAR TERROR

🎬 Watch Now: Feature Video

thumbnail
দেৰগাঁৱত নিশা ভালুকৰ মুক্ত বিচৰণ (ETV Bharat)

By ETV Bharat Assamese Team

Published : May 17, 2026 at 4:55 PM IST

1 Min Read
Choose ETV Bharat

গোলাঘাট : দেৰগাঁৱৰ চকিয়ালৰ আৱাসিক এলেকাত ভালুকৰ মুক্ত বিচৰণক লৈ স্থানীয় লোকসকল আতংকিত হৈ পৰিছে । চিচিটিভি কেমেৰাত ভালুকৰ মুক্ত বিচৰণ দেখি বিনিদ্ৰ ৰজনী কটাইছে লোকসকলে । ভালুকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ কৰা হৈছে । এই সন্দৰ্ভত এজন স্থানীয় যুৱকে কয়, "যোৱা নিশা আমাৰ অঞ্চলত এটা ভালুক দেখা পোৱা গৈছে । ভালুকটোৱে এজন লোকলৈ চোঁচা লৈছিল । আমি অলপ হুলস্থূল কৰাত ভালুকটো জংঘলৰ ফালে আঁতৰি যায় । পূৰ্বেও এই অঞ্চলত ভালুকে কেইবাজনো লোকৰ ঘৰত তাণ্ডৱ চলাইছিল কিন্তু তাৰ পাছত বহু দিন দেখা পোৱা নাছিলোঁ । ইতিমধ্যে প্ৰশাসনৰ লোক আহিছে । এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ ।" জানিব পৰা মতে, কিছুদিন পূৰ্বে এটা ভালুক অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাৰীত প্ৰৱেশ কৰি হাঁহ, কুকুৰা ভক্ষণ কৰিছিল । ইয়াৰ উপৰিও অঞ্চলটোৰ এজন লোকৰ ফাৰ্মৰ পৰা ব্ৰইলাৰ লৈ যোৱা দৃশ্যও চিচিটিভিত বন্দী হৈছিল ।

লগতে পঢ়ক : ডিব্ৰুগড় চহৰত লাগিল হাহাকাৰ, কিন্তু কিয় ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details