বৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ - ETV BHARAT ASSAM

🎬 Watch Now: Feature Video

thumbnail
ৰপেটাৰ ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ গৰাকী শিক্ষাৰ্থী নীট পৰীক্ষাত উত্তীৰ্ণ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 17, 2026 at 5:05 PM IST

1 Min Read
Choose ETV Bharat

বৰপেটা: বৃহস্পতিবাৰে ঘোষণা কৰা সৰ্বভাৰতীয় নীট পৰীক্ষাত বৰপেটাস্থিত এটা ব্যক্তিগত খণ্ডৰ ক'চিং চেণ্টাৰৰ ৯ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । উল্লেখ্য যে, সৰ্বভাৰতীয় পৰ্যায়ৰ ক'চিং চেণ্টাৰটোৰ বৰপেটা কেন্দ্ৰৰ পৰা এইবাৰৰ নীট পৰীক্ষাত সৰ্বমুঠ ৫৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ভিতৰত আছিচ আহমেদ, চাকিবুল ইছলাম, পৱিত্ৰ চৌধুৰী, হৰজিৎ গয়াৰী, বিকি সৰকাৰ, হিৰাস্মিতা কৰ্মকাৰ, অংকিতা পাল, তৃপ্তি দাস আৰু বেদব্ৰত দাস উত্তীৰ্ণ হৈছে ৷

এই সন্দৰ্ভত ক'চিং চেণ্টাৰটোৰ শিক্ষকে কয়, "নীট পৰীক্ষাত সৰ্বমুঠ ৫৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ভিতৰত ৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় । উত্তীৰ্ণ মুঠ ৯ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৮ গৰাকী চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি তথা এমবিবিএছ পাঠ্যক্ৰমত অধ্যয়নৰ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে ।"

লগতে পঢ়ক : সোণম ৱাংচুকলৈ সমৰ্থন জনাই গুৱাহাটীত ওলাই আহিল এছ এফ আই-ডি ৱাই এফ আই