তেজপুৰত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ
🎬 Watch Now: Feature Video

Published : August 15, 2026 at 1:30 PM IST
তেজপুৰ: তেজপুৰ নেহৰু মৈদানত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অসম চৰকাৰৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে । পতাকা উত্তোলন কৰি তেওঁ স্বাধীনতা আন্দোলনৰ মহান সেনানীসকলক শ্ৰদ্ধা জ্ঞাপন কৰে । অবিভক্ত শোণিতপুৰ জিলাৰ গহপুৰৰ বীৰাংগনা কনকলতা বৰুৱা আৰু ঢেকীয়াজুলিত স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰা হয় ।
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ অহিংস নীতিৰ ওপৰত আধাৰিত আন্দোলনক তেওঁ সোঁৱৰণ কৰে । ৰাইজক উদ্দেশ্যে আগবঢ়োৱা ভাষণত তেওঁ কয়,"ভাৰতে আজি বিশ্বৰ ভিতৰতে অৰ্থনৈতিকভাৱে এক উল্লেখযোগ্য শক্তি হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে । দেশৰ এই অগ্ৰগতিৰ বাবে দেশবাসীৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু পৰিকল্পনাৰ প্ৰশংসা কৰিব লাগিব ।"
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশৰ ৰাজ্যখনে কিদৰে আগবাঢ়িছে, শিক্ষা আৰু স্বাস্থ্য খণ্ড, যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনিমূলক প্ৰকল্প আদিৰো মন্ত্ৰীগৰাকীয়ে খতিয়ান দাঙি ধৰে ।