ডিমা হাছাওত পতাকা উত্তোলন কৰিলে দেৱলাল গৰ্লোছাই

🎬 Watch Now: Feature Video

thumbnail
ডিমা হাছাওত দেৱলাল গৰ্লোছাই কৰিলে পতাকা উত্তোলন (ETV Bharat)

By ETV Bharat Assamese Team

Published : August 15, 2026 at 3:35 PM IST

2 Min Read
Choose ETV Bharat

হাফলং : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিমা হাছাও জিলাতো স্বাধীনতা দিৱস উদযাপন কৰা হয় । এন. এল. দাওলাগাপু ক্ৰীড়া প্ৰাংগণত আয়োজিত ৮০ সংখ্যক স্বাধীনতা দিৱসত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোছাই মুখ্য অতিথি হিচাপে উপস্থিত থাকি জাতীয় পতাকা উত্তোলন কৰে । 

বিশিষ্ট অতিথি হিচাপে জিলা আয়ুক্ত গায়ত্ৰী দেৱীদাস হাইলিং আৰু আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতিও উপস্থিত থাকে । অনুষ্ঠানটো ২৬ অসম ৰাইফলছৰ বেণ্ড প্ৰদৰ্শনে অধিক আকৰ্ষণীয় কৰি তোলে । ভাষণত দেৱলাল গৰ্লোছাই জিলাখনৰ বিভিন্ন খণ্ডত লাভ কৰা সাফল্যসমূহৰ বিষয়ে উল্লেখ কৰে ।

তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি কয়, "পৰম্পৰাগত ডিমাছা ভাষাক দৈনন্দিন প্ৰশাসনিক আৰু শিক্ষামূলক কাম-কাজত ব্যৱহাৰৰ বাবে চৰকাৰীভাৱে স্বীকৃতি দিয়াটো এক ঐতিহাসিক পদক্ষেপ । স্বাধীনতাৰ কেইবা দশকৰ পিছত প্ৰাচীন ভাষাটোৱে প্ৰাপ্য স্বীকৃতি লাভ কৰাটো ডিমাছা সমাজৰ বাবে এক ঐতিহাসিক মুহূৰ্ত । শৈক্ষিক ক্ষেত্ৰতো ডিমা হাছাও জিলাই ধাৰাবাহিকভাৱে উৎকৃষ্ট প্ৰদৰ্শন কৰি আহিছে । অসমত জিলাখনে নিয়মীয়াকৈ শীৰ্ষ তিনিটা জিলাৰ ভিতৰত স্থান লাভ কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমস্থান দখল কৰি আহিছে । 'ছুপাৰ ৩০' আঁচনিৰ অধীনত বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থাই আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসা, অসামৰিক সেৱা আৰু অন্যান্য সন্মানীয় বৃত্তিত কেৰিয়াৰ গঢ়াৰ সুযোগ প্ৰদান কৰিছে ।"

তেওঁ লগতে উল্লেখ কৰে যে জিলাখনৰ যুৱ প্ৰতিভাসকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন বঁটা লাভ কৰি জিলাখনৰ নাম উজলাইছে আৰু ক্ৰীড়াক্ষেত্ৰত ডিমা হাছাওৰ ক্ৰমবৰ্ধমান প্ৰতিষ্ঠা প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক :

তেজপুৰত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ