চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ৪ - চিলাপথাৰত পথ দুৰ্ঘটনা
🎬 Watch Now: Feature Video

Published : May 4, 2026 at 2:00 PM IST
জোনাই : অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হোৱাৰ পূৰ্বে চিলাপথাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চাৰিজন লোকে । সোমবাৰে পুৱতিনিশা সংঘটিত পথ দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হয় । আনহাতে চিকিৎসালয়ত আন দুজনে প্ৰাণ হেৰুৱায় ।
চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুলাজানত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । দেওবাৰে চিমেন চাপৰিৰ পৰা বিয়া খাই ঘৰলৈ ঘূৰি আহি থকা অৱস্থাত কুলাজানত দুৰ্ঘটনাত পতিত হয় এএছ ০৭ টি ৩৮৫৩ নম্বৰৰ বাহনখন ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কুলাজান তিনিআলিৰ কেকুঁৰিটোত নিশা নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ জোৰেৰে পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মাৰে । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনৰ সন্মুখৰ অংশটো সম্পূৰ্ণৰূপে ভাঙি যায় ।
বাহনখনত আছিল পাঁচজনকৈ লোক । ইয়াৰে গোগামুখ শান্তিপুৰ গাঁৱৰ গোবিন্দ ঘোষ (৩৫) আৰু বৰপেটাৰোডৰ বালিকুৰি গাঁৱৰ অখিল ঘোষ (৪৭) নামৰ লোক দুজন থিতাতে নিহত হয় । আনহাতে, গুৰুতৰভাৱে আহত গোগামুখ ভেবেলী সোণোৱাল গাঁৱৰ ভদ্ৰেশ্বৰ সোণোৱাল (৫৬) আৰু গোগামুখ নপাম গাঁৱৰ পংকজ শইকীয়া (৫০)ৰ চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত মৃত্যু হয় । ইপিনে, গোগামুখ বালিগাঁৱৰ বিমল বিশ্বাস (৪৫) নামৰ লোকজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ।
লগতে পঢ়ক:মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত তীব্ৰবেগী ট্ৰাকে মহতীয়ালে বৃদ্ধক
তীৰ্থযাত্ৰা সামৰি নাপালেগৈ ঘৰ, আদবাটতে জুই লাগি নিঃশেষ এটা পৰিয়াল