কলিয়াবৰ আৰক্ষীৰ জালত ৪ টা চোৰাং গৰু সৰবৰাহকাৰী, ৩৩ টা গো-ধন উদ্ধাৰ - CATTLE SMUGGLING AT KALIABOR

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবৰ আৰক্ষীৰ জালত ৪ টা চোৰাং গৰু সৰবৰাহকাৰী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 27, 2026 at 6:02 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও: কলিয়াবৰ আৰক্ষীয়ে মঙলবাৰে নিশা দুখন গো-ধন ভৰ্তি বাহন জব্দ কৰাৰ লগতে চাৰিটা সৰবৰাহকাৰী আটক কৰে ৷ উজনিৰ পৰা মেঘালয়লৈ সৰবৰাহৰ বাবে অনা হৈছিল গৰুকেইটা ৷ কুঁৱৰীটোলৰ ৰাজপথত কলিয়াবৰ আৰক্ষীয়ে বাহন দুখন জব্দ কৰি গো-ধনকেইটা উদ্ধাৰ কৰে । জব্দ কৰা বাহন দুখনৰ পঞ্জীয়ন নম্বৰ এএছ ২৩ ডিচি-৫১৪৮ আৰু এএছ ০২ ডিচি-৮০৪৫ ৷

আৰক্ষীয়ে বাহন দুখনৰ পৰা ৩৩ টা চোৰাং গৰু জব্দ কৰে ৷ ইফালে গো সৰবৰাহৰ লগত জড়িত থকা অভিযোগত আটকাধীনকেইটা ক্ৰমে শিৱসাগৰৰ ৱাহিদ খান, ৰফিকুল ইছলাম, নগাঁৱৰ ৰূপহীহাটৰ হাফিজুল ইছলাম আৰ নৱাব চিৰাজউদ্দিন বুলি চিনাক্ত কৰা হৈছে ৷ ইয়াৰ পূৰ্বে ২০ মে’ নিশা কলিয়াবৰ আৰক্ষীয়ে অভিযান চলাই এএছ ০২ চিচি ৭০১৯ নম্বৰৰ ট্ৰাকৰ পৰা ২৬টা চোৰাং গৰু জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰে ৷

লগতে পঢ়ক :

ওপৰত তামোলৰ বাকলিৰ বস্তা, তলত ২৬ টা গৰু: ঈদৰ আচিলাৰে গৰুৰ চোৰাং বেহা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details