বিহালীত এডিআৰই ৩.০ৰ বাবে তিনিমহীয়া বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail
বিহালীত এডিআৰই ৩.০ৰ বাবে তিনিমহীয়া বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 30, 2026 at 8:46 PM IST

1 Min Read
Choose ETV Bharat

বিশ্বনাথ : বিহালী বিধানসভা সমষ্টিৰ মেধাৱী যুৱক-যুৱতীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি ভৱিষ্যৎ কেৰিয়াৰ গঢ়াৰ লক্ষ্যৰে দেওবাৰে বিহালীত ADRE 3.0-ৰ তিনিমহীয়া বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । ছানচাইন একাডেমী, গুৱাহাটীৰ সহযোগত আয়োজন কৰা এই বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিক শুভ উদ্বোধন কৰে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ।

অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিবলৈ যাতে সঠিক দিশ-নিৰ্দেশনা আৰু উন্নত মানৰ প্ৰস্তুতিৰ সুবিধা লাভ কৰে, সেই উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । আৰ্থিক অসুবিধাৰ বাবে যাতে কোনো মেধাৱী যুৱক-যুৱতীৰ কেৰিয়াৰ গঢ়াৰ সপোন আধৰুৱা হৈ নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি সাংসদ ৰঞ্জিত দত্তই প্ৰকাশ কৰে ।

ইফালে, অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা স্বাস্থ্যমন্ত্ৰী অশোক সিংহল বিহালী সমষ্টিৰ মেধাৱী যুৱক-যুৱতীসকলৰ বাবে এনে এক প্ৰশিক্ষণ কেন্দ্ৰৰ শুভাৰম্ভ কৰিব পাৰি নিজকে আনন্দিত বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: কাজিৰঙাৰ ইক’ ছেনচিটিভ জ’ন সম্পৰ্কত মুখ্যমন্ত্ৰীক কটাক্ষ লুৰীণজ্যোতি গগৈৰ