ছাগলী খাবলৈ অহা নাহৰফুটুকীৰ আক্ৰমণত আহত ৩
🎬 Watch Now: Feature Video

Published : May 22, 2026 at 9:00 PM IST
ডিব্ৰুগড়: খাদ্যৰ অভাৱত বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰি সন্ত্ৰাস চলাইছে বনৰজাই । ফলত দিনে-ৰাতিয়ে আতংকৰ মাজেৰে পাৰ কৰিবলগা হৈছে বিভিন্ন প্ৰান্তৰ ৰাইজে । বিশেষকৈ দিনতে পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বাঘে আতংকৰ সৃষ্টি কৰিছে ।
বন বিভাগে জিলাখনৰ বিভিন্ন প্ৰান্তত বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বাঘৰ উপদ্ৰৱ কমা নাই । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ খোৱাং মইনা গাঁৱত নাহৰফুটুকীৰ আক্ৰমণত তিনিজনকৈ লোক আহত হয় । আহত লোককেইজন ক্ৰমে ভূপেন ফুকন, বগাধৰ গোহাঁই আৰু অৰুণজ্যোতি বৰুৱা ।
ছাগলী এটাক প্ৰকাণ্ড নাহৰফুটুকী এটাই আক্ৰমণ কৰি থকাৰ সময়তে ভূপেন ফুকন নামৰ ব্যক্তিজনে নাহৰফুটুকীটোৰ পৰা ছাগলীটো ৰক্ষা কৰিবলৈ যাওঁতে প্ৰথমে ভূপেন ফুকনক আক্ৰমণ কৰে । পিছত ভূপেন ফুকনক বচাবলৈ যাওঁতে আন দুজন লোকক নাহৰফুটুকীটোৱে আক্ৰমণ কৰে । আহত তিনিওজনকে তিলৈ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও জখম অতি গুৰুতৰ হোৱাত তিনিওজনকে ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
সমগ্ৰ ঘটনাক লৈ গুৰুতৰভাৱে আহত ভূপেন ফুকনে কয়, "আমাৰ অঞ্চলত বহু দিনৰ পৰা বাঘৰ সন্ত্ৰাস চলি আছে । মোৰ নিজৰেই চাৰিটা ছাগলী খালে । আজি বাঘে ছাগলী ধৰিছিল, আমি খেদিবলৈ যাওঁতে আমাক আক্ৰমণ কৰিলে । বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ বহুত ক্ষতি হ'ব । আমি গৰু-ছাগলী পোহপাল কৰি পৰিয়াল চলাই আছোঁ । এনেকৈ যদি বাঘে খাই শেষ কৰে বন বিভাগ থাকি কি লাভ হ'ব । আজি আমাক মূৰত আৰু হাতত আক্ৰমণ কৰিছে । এই ক্ষেত্ৰত বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।"