প্ৰচণ্ড ধুমুহাত শুই থকা অৱস্থাতে গছ পৰি যুৱকৰ কৰুণ মৃত্যু - MAN KILLED BY FALLING TREE
🎬 Watch Now: Feature Video

Published : May 21, 2026 at 2:10 PM IST
ডিব্ৰুগড়: ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২ নং হালমাৰীৰ উদয়পুৰত পুৱতি নিশা অহা প্ৰচণ্ড ধুমুহাত ঘৰৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰাত শুই থকা অৱস্থাত অজয় গড় (২৮) নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হয় ৷ এই দুৰ্ঘটনাত তেওঁৰ লগত শুই থকা কণমানি কন্যা দুজনীৰ কথমপি প্ৰাণৰক্ষা পৰে ।
ধুমুহাৰ প্ৰকোপত অজয় গড়ৰ ঘৰৰ কাষত থকা এজোপা গছ উভালি বাগৰি পৰা ফলত ঘৰটো সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে । ঘটনাৰ সময়ত অজয় গড় নিজৰ দুজনী কণমানি কন্যাৰ সৈতে শুই আছিল । পুৱা স্থানীয় লোকে গছ কাটি তিনিওকে উদ্ধাৰ কৰে যদিও অজয় গড়ক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ।
ইফালে চৰাইদেউ জিলাৰ সোণাৰিৰ নাফুক আদৰ্শ গাঁৱতো ধুমুহাত প্ৰকাণ্ড গছ পৰি কেইবাটাও ঘৰ বিধস্ত কৰে ৷ এই ঘটনাত গাঁওখনৰ অজিত কৰ্মকাৰ আৰু পত্নী সুনীতা কৰ্মকাৰ গুৰুতৰভাৱে আহত হয় । অৱশ্যে তেওঁলোকৰ লগতে শুই থকা কন্যা পুষ্পাঞ্জলি কৰ্মকাৰৰ (৯)কথমপি ৰক্ষা পৰে ।
লগতে পঢ়ক : প্ৰচণ্ড বৰষুণ আৰু ধুমুহাত প্ৰাণ গ’ল ৩৩ গৰাকী লোকৰ, উদ্ধাৰ তথা সাহায্যৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ