ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয়টো দিন, LIVE... - BUDGET SESSION 2026
🎬 Watch Now: Feature Video

Published : July 8, 2026 at 9:38 AM IST
|Updated : July 8, 2026 at 12:33 PM IST
সোমবাৰৰ পৰা আৰম্ভ হোৱা ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অৰ্থাৎ বুধবাৰে তৃতীয়টো দিন ।
পুৱা ৯:৩০ বজাৰ পৰা সদনৰ কাম-কাজ আৰম্ভ হৈছে। প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হোৱা সদনৰ কাম-কাজত প্ৰথমে অসম চুক্তি ৰূপায়ন সন্দৰ্ভত আলোচনা হৈছে ।
৬ জুলাইৰ পৰা আৰম্ভ হোৱা এই বাজেট অধিৱেশনৰ কামকাজ ৩১ জুলাইলৈকে চলিব ৷
এইবাৰৰ বাজেট অধিৱেশনত নতুন বিধেয়কৰ পৰিৱৰ্তে চৰকাৰে ১২ খনকৈ সংশোধনী বিধেয়ক উপস্থাপন কৰিছে ।
এইবাৰৰ বাজেট অধিৱেশনৰ ১০ জুলাইৰ দিনটোত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব ।
উল্লেখ্য যে, মুখ্যমন্ত্রী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এইখন প্ৰথমখন বাজেট অধিৱেশন । এই অধিৱেশনত চৰকাৰখনে আগন্তুক পাঁচ বছৰৰ পূৰ্ণাংগ বাজেট দাখিল কৰিব ।