ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠটো দিন LIVE - ASSAM ASSEMBLY BUDGET SESSION

🎬 Watch Now: Feature Video

thumbnail
ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠটো দিন LIVE (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 13, 2026 at 9:37 AM IST

|

Updated : July 13, 2026 at 2:03 PM IST

1 Min Read
Choose ETV Bharat

৬ জুলাইৰ পৰা আৰম্ভ হোৱা ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি (সোমবাৰ) ষষ্ঠটো দিন । প্ৰশ্নোত্তৰ ঘণ্টাৰে পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ সদনৰ কাম-কাজ । সদনৰ শূন্যকালীন ঘণ্টাতো ভিন্ন বিষয়ৰ ওপৰত হ’ব ৷ উল্লেখ্য যে, ষষ্ঠদশ অসম বিধানসভাৰ বাজেট অধিৱেশনত শুকুৰবাৰ অৰ্থাৎ ১০ জুলাইত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰা হয় ৷ বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে বিধানসভাত ৰাজ্যিক বাজেট জয়ন্ত মল্লবৰুৱাই দাখিল কৰে  ৷ এইখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট ৷ বাজেটত উল্লেখ কৰা মতে ৰাজহুৱা শিতানত ব্যয় ১২৬৩৬৯.৫৭ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২০০০ কোটি টকাৰে বছৰটোৰ সৰ্বমুঠ প্ৰাককলিত ব্যয়ৰ পৰিমাণ ২৮৫০৮৪.৪৫ কোটি টকা হ‘ব । বছৰটোত হোৱা প্ৰাককলিত লেনদেনৰ বাবদ আনুমানিক ৩২২৫ কোটি টকা ৰাহি হ’ব । লগতে বছৰটোৰ আৰম্ভণিৰ ঘাটি ৩৬৪৪.২৬ কোটি টকাৰ হিচাপ মিলালে ২০২৬-২৭ বৰ্ষৰ শেষলৈ বাজেটত ঘাটিৰ পৰিমাণ ৪১৯.২৬ কোটি টকা হবগৈ । এই বাজেটত ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশ বিত্তীয় ঘাটি লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে । এই বাজেট সন্দৰ্ভতো আজি আলোচনা হ’ব ৷

Last Updated : July 13, 2026 at 2:03 PM IST