অসম বিধানসভাৰ বাজেট (লেখানুদান) অধিৱেশনৰ আজি দ্বিতীয় দিন LIVE - LIVE
🎬 Watch Now: Feature Video

Published : February 17, 2026 at 9:38 AM IST
|Updated : February 17, 2026 at 4:08 PM IST
সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট (লেখানুদান) অধিৱেশনৰ আজি দ্বিতীয় দিন ৷ পুৱা 9:30 বজাৰ পৰা আৰম্ভ হৈছে এই অধিৱেশনৰ কাৰ্যসূচী । সদনৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২৬-২৭ বৰ্ষৰ লেখানুদান ৷ মঙলবাৰে সদন বিত্তমন্ত্ৰীয়ে লেখানুদান (Vote of Account) দাখিল কৰাৰ উপৰিও ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ বিষয়েও হ’ব আলোচনা । ‘‘Vote on Account’’ হ’ল নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া বৰ্ষ বা নতুন পূৰ্ণাংগ বাজেট অনুমোদন নোহোৱা পৰ্যন্ত অন্তৱৰ্তীকালীন সময়ৰ বাবে চৰকাৰখনত যাতে বিত্তীয় অচলাৱস্থা সৃষ্টি নহয় আৰু চৰকাৰৰ দৈনন্দিন তথা অপৰিহাৰ্য খৰচ বাবে সংসদ বা বিধানসভাই অনুমোদন জনোৱাৰ সময়ৰ বাজেট ৷ অসমৰ সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মে’ মাহত নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত চৰকাৰ পৰিচালনাৰ বাবে এই অধিৱেশনত ১৭ ফেব্ৰুৱাৰীত লেখানুদানত অনুমোদন জনোৱা হ’ব ৷ এই অধিৱেশনখন হৈছে পঞ্চদশ অসম বিধান সভাৰ অন্তিমখন অধিৱেশন ৷ এই অধিৱেশনৰ পিছত ২০২৬-২৭ বৰ্ষৰ বাজেট অধিৱেশনখন অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত অৰ্থাৎ জুলাই মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ১৬ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়াকৈ অনুুষ্ঠিত হ’বলগীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমানৰ কাৰ্যকালৰ অসম বিধানসভাৰ এইখন অন্তিমখন অধিৱেশন ৷