কলগাছিয়াত ৰন্ধন গেছৰ ক’লা ব্যৱসায়: চক্ৰ বিষয়া আৰু যোগান বিভাগৰ যৌথ অভিযানত ১১০ জব্দ চিলিণ্ডাৰ - LPG CYLINDERS SEIZED IN KALGACHI
🎬 Watch Now: Feature Video

Published : May 16, 2026 at 6:00 PM IST
জনিয়া : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়া আৰু দিগজানিত চক্ৰ বিষয়া আৰু যোগান বিভাগৰ যৌথ দলে অভিযান চলাই শতাধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে ৷ কলগাছিয়া ৰাজহৰ চক্ৰ বিষয়া আৰু বৰপেটা যোগান বিভাগে অভিযানৰ সময়ত দিগজানিৰ চাহাব উদ্দিনৰ বাসগৃহ আৰু কলগাছিয়াৰ ছফিকুল ইছলামৰ দোকানৰ পৰা ১১০ টাকৈ গেছ চিলিণ্ডাৰ জব্দ কৰে ৷
চক্ৰ বিষয়া আৰু যোগান বিভাগৰ পৰিদৰ্শকে জানিবলৈ দিয়া মতে, দিগজানিৰ চাহাব উদ্দিনৰ ঘৰত অভিযান চলাই ৮২ টা গেছ চিলিণ্ডাৰ জব্দ কৰা হয় ৷ তেওঁলোকে ১৯ টা ভৰ্তি গেছ চিলিণ্ডাৰ জব্দ কৰে ৷ ইয়াৰ বিপৰীতে ৪২ টা ইণ্ডেনৰ আৰু ১৯ টা ভাৰত গেছৰ খালি গেছ চিলিণ্ডাৰ জব্দ কৰা হয় ৷
ইফালে, কলগাছিয়াৰ ছফিকুল ইছলামৰ দোকানৰ পৰা ২৮ টা গেছ চিলিণ্ডাৰ জব্দ কৰা হয় ৷ ইয়াৰে ৩ টা ভৰ্তি আৰু ২৫ খালি গেছ চিলিণ্ডাৰ ৷ তেওঁলোকে দোকান আৰু ঘৰত অবৈধভাৱে মজুত কৰি ৰাখি অধিক মূল্যত বিক্ৰী কৰাৰ অভিযোগ পোৱাৰ পাছত চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱাৰ নেতৃত্বত যোগান বিভাগে অভিযান চলাই ইণ্ডেন আৰু ভাৰত গেছৰ চিলিণ্ডাৰসমূহ জব্দ কৰে ৷ অভিযোগ পালে এনেধৰণৰ অভিযান অনাগত দিনতো চলি থাকিব বুলি বিষয়াদ্বয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : চৰণ মন্দিৰ-চৰণ স্পৰ্শ: ডায়েবেটিছৰ বিৰুদ্ধে এগৰাকী চিকিৎসকৰ নীৰৱ অভিযান