ETV Bharat / technology

ৰাছিয়াত সম্পূৰ্ণৰূপে নিষিদ্ধ হ’ল Whatsapp; স্থানীয় MAX ব্যৱহাৰ কৰিবলৈ আহ্বান নাগৰিকক

Whatsapp এ অভিযোগ তোলে যে ৰাছিয়াই ব্যৱহাৰকাৰীক চৰকাৰী মালিকানাধীন ‘নজৰদাৰী’ প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ মেটাৰ জনপ্ৰিয় মেছেজিং এপটো ব্লক কৰিছে ৷

WhatsApp Says Russia 'Attempted To Fully Block' App In Push For State-Owned 'Surveillance App'
ৰাছিয়াত নিষিদ্ধ হ’ল Whatsapp (Meta)
author img

By ETV Bharat Tech Team

Published : February 12, 2026 at 1:26 PM IST

|

Updated : February 12, 2026 at 6:32 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মেটা মালিকানাধীন Whatsapp এ বৃহস্পতিবাৰে এক বিবৃতি প্ৰকাশ কৰি অভিযোগ কৰে যে ৰাছিয়া চৰকাৰে দেশখনত মেছেজিং এপ্লিকেচনটো ব্লক কৰাৰ চেষ্টা কৰিছিল যাতে দেশখনৰ নাগৰিকসকলক “ৰাজ্যিক মালিকানাধীন অথবা তত্ত্বৱধানত থকা এপ” ব্যৱহাৰ কৰিবলৈ বাধ্য কৰিব পাৰি । ৰাছিয়াত এপটোৰ 10 কোটি ব্যৱহাৰকাৰীৰ সন্দৰ্ভত আলোকপাত কৰি প্লেটফৰ্মটোৱে কয় যে এই পদক্ষেপক পিছপৰা পদক্ষেপ বুলি গণ্য কৰা হ’ব কাৰণ ইয়াৰ ফলত দেশখনৰ লোকসকলৰ সুৰক্ষা হ্ৰাস পাব ।

জনপ্ৰিয় মেছেজিং সেৱা Whatsapp এ X যোগে অভিযোগ তোলাৰ পাচতে বৃহস্পতিবাৰে ইয়াৰ 10 কোটি ৰাছিয়ান ব্যৱহাৰকাৰীক ঘৰুৱা বিকল্প গ্ৰহণৰ বাবে আহ্বান জনাইছে । স্থানীয় আইন মানি চলাত ব্যৰ্থ হোৱাৰ বাবে ৰাছিয়াই এই পদক্ষেপ গ্ৰহণ কৰা বুলি ৰুছ চৰকাৰে কাৰণ দৰ্শাইছে ৷ মস্কোৱে কেইবামাহো ধৰি ৰাছিয়াৰ ব্যৱহাৰকাৰীসকলক মেক্সলৈ স্থানান্তৰিত কৰাৰ চেষ্টা কৰি আহিছে ৷ এই Max হ’ল ঘৰুৱা বাৰ্তা প্ৰেৰণ সেৱা, য’ত এণ্ড টু এণ্ড এনক্ৰিপশ্য়নৰ অভাৱ আৰু ব্যৱহাৰকাৰীসকলক নিৰীক্ষণৰ বাবে সম্ভাৱ্য আহিলা বুলি অভিহিত কৰিছে ।

Whatsapp ৰ প্ৰতিক্ৰিয়া

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে সাংবাদিকৰ আগত কয় যে হোৱাটছএপে ৰাছিয়াৰ আইন আৰু আখৰ মানি চলিবলৈ অনিচ্ছা প্ৰকাশ কৰাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে । তেওঁ পুনৰ কয়, "মেক্স হৈছে এক সুলভ বিকল্প, এটা উন্নয়নশীল মেচেঞ্জাৰ, এটা ৰাষ্ট্ৰীয় মেচেঞ্জাৰ । আৰু ই নাগৰিকৰ বাবে বজাৰত উপলব্ধ এক বিকল্প ।"

ৰাছিয়াৰ ইণ্টাৰনেট চোৱাচিতা সংস্থাই মঙলবাৰে কয় যে তেওঁলোকে টেলিগ্ৰাম মেছেজিং প্লেটফৰ্মত “পৰ্যায়ক্ৰমে নিষেধাজ্ঞা”ৰ চৰ মাৰিব, যিটোৱে স্থানীয় আইন মানি নচলাৰ অভিযোগো উত্থাপন কৰিছে।

X ৰ এটা পোষ্টত হোৱাটছএপ কৰ্তৃপক্ষই বৃহস্পতিবাৰৰ দিনৰ ভাগত উল্লেখ কৰিছিল, "আজি ৰাছিয়া চৰকাৰে চৰকাৰী মালিকানাধীন নজৰদাৰী এপলৈ ব্যৱহাৰকাৰীক লৈ যোৱাৰ প্ৰয়াসত হোৱাটছএপক সম্পূৰ্ণৰূপে ব্লক কৰাৰ চেষ্টা কৰিছে । ব্যক্তিগত আৰু সুৰক্ষিত যোগাযোগৰ পৰা 10 কোটিৰো অধিক ব্যৱহাৰকাৰীক পৃথক কৰাৰ চেষ্টা কৰাটো এটা পিছপৰা পদক্ষেপ আৰু ই কেৱল ৰাছিয়াৰ মানুহৰ বাবে কম সুৰক্ষাৰ দিশতহে হ'ব পাৰে । আমি ব্যৱহাৰকাৰীক সংযোগ কৰি ৰাখিবলৈ যি সম্ভৱ সকলো কৰি যাম ।"

টেলিগ্ৰামৰ প্ৰতিষ্ঠাপক পাভেল ডুৰভে ৰাছিয়াই এই এপ্লিকেচনত প্ৰৱেশ নিষিদ্ধ কৰাৰ অভিযোগ উত্থাপন কৰাৰ কিছু সময়ৰ পাছতে Whatsapp এ এই মন্তব্য প্ৰকাশ কৰে ।

Whatsapp নিষিদ্ধ সন্দৰ্ভত ৰুছ চৰকাৰৰ যুক্তি

মস্কোৱে ৰাছিয়ানসকলক অধিক কঠোৰভাৱে নিয়ন্ত্ৰিত ঘৰুৱা অনলাইন সেৱা গ্ৰহণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে । ৰাছিয়াৰ আইন মানি চলাত ব্যৰ্থ হোৱা বিদেশী ইণ্টাৰনেট প্লেটফৰ্মসমূহক লেহেমীয়া বা নিষিদ্ধ কৰাৰ ভাবুকি দিছে কৰ্তৃপক্ষই, য’ত ৰাছিয়াৰ ব্যৱহাৰকাৰীৰ তথ্য দেশখনৰ ভিতৰতে সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তাও আছে ।

ৰাছিয়াৰ এটা বৃহৎ চৰকাৰী সংবাদ সংস্থা TASS ৰ মতে, ৰাছিয়াৰ আইন উলংঘা কৰাৰ বাবে দেশখনৰ টেলিকম চোৱাচিতা সংস্থাটোৱে হোৱাটছএপক লেহেমীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াত দাবী কৰা হৈছে যে দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত আৰু চলাবলৈ এই মেচেঞ্জাৰ ব্যৱহাৰ কৰা হয় আৰু নাগৰিকৰ পৰা ধন প্ৰতাৰণা আৰু ধন দাবীৰ বাবেও ব্যৱহাৰ কৰা অন্যতম মূল সেৱা ই ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব ডিমিট্ৰি পেস্কোভে সংস্থাটোক জনোৱা মতে, মেটাই ৰাছিয়াৰ আইন মানি চলি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিলে ৰাছিয়াত হোৱাটছএপ আনব্লক কৰা হ’ব ।

তেওঁ কয় যে এইটো ৰাছিয়াৰ আইন মানি চলাৰ বিষয় । যদি মেটাই মানি চলে তেন্তে ই ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হ’ব আৰু তাৰ পিছত চুক্তিত উপনীত হোৱাৰ সুযোগ আহিব । তেওঁ পুনৰ কয়, "যদি নিগমে নিজৰ আপোচবিহীন স্থিতিত অটল হৈ থাকে আৰু মই কম যে ৰাছিয়াৰ আইন মানি চলিবলৈ নিৰপেক্ষ অনিচ্ছা প্ৰদৰ্শন কৰে, তেন্তে কোনো সম্ভাৱনা নাথাকিব ।"

ৰাছিয়াৰ নিৰীক্ষণকাৰী সংস্থাটোৱে টেলিগ্ৰাম এপ্লিকেচনক আইন মানি চলিবলৈ অস্বীকাৰ কৰিলে ‘পৰ্যায়ক্ৰমে নিষেধাজ্ঞা’ ৰ ভাবুকি প্ৰদান কৰাৰ পিছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইয়াৰ পূৰ্বে ৰাছিয়া চৰকাৰে ৰাছিয়াত বিক্ৰী হোৱা সকলো নতুন স্মাৰ্টফোন আৰু টেবলেটত ৰাষ্ট্ৰ সমৰ্থিত এপ্লিকেচন মেক্স প্ৰি-ইনষ্টল কৰিবলৈ বাধ্য কৰাইছিল । মেছেজিং আৰু পেমেণ্ট সেৱাৰ সুবিধা প্ৰদান কৰা এই এপটো টেলিগ্ৰাম আৰু হোৱাটছএপৰ বিকল্প হিচাপে উপস্থাপন কৰা হৈছে ।

লগতে পঢ়ক

Last Updated : February 12, 2026 at 6:32 PM IST