বহু সলনি হ’ল WhatsApp; উপলব্ধ হ’ল বহু উন্নত বৈশিষ্ট্য
বছৰৰ শেষৰ ফালে হোৱাটছএপে মুকলি কৰিছে কেইবাটাও বৈশিষ্ট্য যিয়ে কলিং, চেটিং, ষ্টেটাছ আৰু মেটা এআইৰ ব্যৱহাৰ সহজ কৰি তুলিছে ।

Published : December 13, 2025 at 4:44 PM IST
হায়দৰাবাদ: চলিত বৰ্ষৰ শেষৰ ফালে মেটাই হোৱাটছএপত এটা ফিচাৰ পেক মুকলি কৰে যাৰ লক্ষ্য হৈছে সামগ্ৰিকভাৱে Chat আৰু কলিং অভিজ্ঞতা মসৃণ কৰা । বন্ধৰ দিনকেইটাত মানুহ পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে অধিক সংযুক্ত হৈ থাকে, গতিকে কোম্পানীয়ে কথা-বতৰা আৰু কন্টেন্ট শ্বেয়াৰ কৰাটো আগৰ তুলনাত সহজ কৰি তোলাত মনোনিৱেশ কৰিছে ।
নতুন কলিং বৈশিষ্ট্যসমূহ
এতিয়া যদি আপুনি হোৱাটছএপত কাৰোবাক ফোন কৰে আৰু আনজনে লগে লগে উত্তৰ দিব নোৱাৰে তেন্তে মিছ কলৰ পিছত মাত্ৰ এটা টেপতে ভইচ বা ভিডিঅ’ নোট এৰি দিয়াৰ বিকল্প থাকিব । মেটাৰ মতে এই নতুন পদ্ধতিয়ে আগৰ ভইচমেইলতকৈ দ্ৰুত অনুভৱ প্ৰদান কৰিব ব্যৱহাৰকাৰীক ।
গ্ৰুপ ভয়েচ চেটতো এতিয়া Reaction ৰ বৈশিষ্ট্য আছে । উদাহৰণস্বৰূপে, কোনোবাই যদি ধেমেলীয়া কথা কয় আৰু আপুনি বাধা দিব নিবিচাৰে, তেন্তে ক্ষন্তেকীয়া ‘cheers’ প্ৰতিক্ৰিয়াই যথেষ্ট হ’ব ।
ভিডিঅ’ কলে স্পীকাৰ স্পটলাইট নামৰ এটা আপডেটও লাভ কৰিছে, যিয়ে কথা কোৱা ব্যক্তিজনৰ ভিডিঅ’ক স্বয়ংক্ৰিয়ভাৱে অগ্ৰাধিকাৰ দিব, যাৰ ফলত কথা-বতৰা অনুসৰণ কৰাটো সহজ হৈ পৰিব ।
Chat ত মেটা এআইৰ শক্তি
হোৱাটছএপত এতিয়া শক্তিশালী হৈ উঠিছে মেটা এআই । কোম্পানীটোৱে কয় যে মিডজাৰ্নি আৰু ফ্লাক্সৰ দৰে মডেলক ইমেজ ক্ৰিয়েচনত একত্ৰিত কৰা হৈছে । এতিয়া যেতিয়াই আপুনি ছুটীৰ শুভেচ্ছা বা উৎসৱমুখৰ ছবি সৃষ্টি কৰিব, তেতিয়াই ফলাফল আগৰ তুলনাত বহুত উন্নত হ’ব ।
কেৱল এয়াই নহয়, এতিয়া আপুনি AI ৰ সহায়ত যিকোনো ফটোৰ পৰা এটা চুটি এনিমেটেড ভিডিঅ' তৈয়াৰ কৰিব পাৰিব । Chat অথবা আপোনাৰ ষ্টেটাছত দিলেও, ই উপভোগ্য হ’ব ।
ডেস্কটপ এপটোত এটা নতুন মিডিয়া টেবও আছে, যিয়ে নথিপত্ৰ, লিংক আৰু মিডিয়াক এটা ঠাইত সজাই ৰাখে । ইয়াৰ ফলত ফাইল বিচাৰিলে সময় ৰাহি হ’ব । লিংক পূৰ্বদৰ্শনসমূহ এতিয়া স্পষ্ট আৰু অধিক নিখুঁত দেখা যাব, যাতে দীঘলীয়া URL সমূহে Chat ত ব্যাঘাত জন্মাব নোৱাৰে ।
ষ্টেটাছ আৰু চেনেলসমূহত নতুন সঁজুলিসমূহ
ষ্টেটাছত এতিয়া সংগীতৰ কথা, ইন্টাৰেক্টিভ ষ্টিক আৰু 'Question'ৰ দৰে বিকল্প অন্তৰ্ভুক্ত কৰা হৈছে যাৰ উত্তৰ মানুহে দিব পাৰে । চেনেল চলোৱাসকলেও প্ৰশ্ন কৰিব পাৰে আৰু তেওঁলোকে দৰ্শকৰ পৰা বাস্তৱ সময়ত সঁহাৰি লাভ কৰিব পাৰে ।
লগতে পঢ়ক

