ETV Bharat / technology

ভাৰতত শীঘ্ৰেই মুকলি হ’ব Vivo X300 Pro আৰু X300; নিশ্চিত কৰিলে BIS এ

Vivo X300 আৰু X300 Pro দুয়োটা BIS ডাটাবেছত দেখা গৈছে, যিয়ে ভাৰতত মুকলি হোৱাৰ কথা নিশ্চিত কৰিছে ।

vivo-x300-series-set-for-india-launch-soon-after-bis-certification
BIS ৰ তালিকাত দেখিবলৈ পোৱা গ’ল Vivo X300 Pro আৰু X300 (X/@sondesix)
author img

By ETV Bharat Tech Team

Published : October 24, 2025 at 3:06 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: নতুন ফ্লেগশ্বিপ ফোন ছিৰিজ মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে Vivo ই । এই ফোন ছিৰিজটোৰ নাম হৈছে Vivo X300 Series, য’ত দুটা স্মাৰ্টফোন আছে – Vivo X300 আৰু Vivo X300 Pro। ইতিমধ্যে কোম্পানীটোৱে এই নতুন ফোন দুটা নিজৰ ঘৰুৱা বজাৰ চীনত মুকলি কৰিছে যদিও এতিয়া ভাৰততো এই নতুন ফোন দুটা মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে ।

এতিয়া এই দুয়োটা ফোন ভাৰতৰ BIS (ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ) ৱেবছাইটত দেখা গৈছে । ইয়াৰ অৰ্থ স্পষ্ট যে Vivo ই অতি সোনকালে ভাৰততো এই ফোন ছিৰিজ মুকলি কৰিব । ইয়াৰ পূৰ্বে ইউ এ ইৰ টি ডি আৰ এ প্ৰমাণপত্ৰ ৱেবছাইটত ভিভ’ X300 আৰু ভিভ’ X300 প্ৰ’ দেখা গৈছিল । এতিয়া এই নতুন ভিভ’ ফোন ​​দুটাৰ BIS লিষ্টিঙে নিশ্চিত কৰিছে যে কোম্পানীয়ে অতি সোনকালে এই নতুন ফোন দুটা ভাৰতত মুকলি কৰিব । এই ফোন দুটাৰ কথা বিষয়ে জানো আহক ।

মডেল নম্বৰ আৰু BIS আপডেট

টেক টিপষ্টাৰ এনভিনে (@ZionsAnvin) এক্স (পূৰ্বৰ টুইটাৰ)ত পোষ্ট কৰি কয় যে:

  • Vivo X300 Pro (V2514)
  • Vivo X300 (V2515)

দুয়োটা ফোন এতিয়া BIS ৰ ডাটাবেছত তালিকাভুক্ত কৰা হৈছে, অৰ্থাৎ অহা কেইসপ্তাহমানৰ ভিতৰত কোম্পানীটোৱে অফিচিয়েল লঞ্চ টাইমলাইন ঘোষণা কৰিব পাৰে ।

ভাৰতীয় সংস্কৰণত কি কি উপলব্ধ হ’ব ?

Vivo X300 ছিৰিজৰ ভাৰতীয় মডেলৰ স্পেচিফিকেশন আৰু ফিচাৰ এতিয়াও আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও কিছুমান বাতৰি অনুসৰি দুয়োটা ফোনৰ ভাৰতীয় ভেৰিয়েণ্টত চীনা মডেলৰ দৰেই প্ৰায় একে বৈশিষ্ট্য থাকিব । অৱশ্যে কেইটামান সৰু সৰু সালসলনি হ’ব পাৰে । উদাহৰণস্বৰূপে, কোম্পানীটোৱে বেটাৰীৰ ক্ষমতা সামান্য সলনি কৰিব পাৰে, কিয়নো চীনৰ স্মাৰ্টফোন কোম্পানীসমূহে ভাৰতীয় মডেলত প্ৰায়ে ডাঙৰ বেটাৰী ব্যৱহাৰ কৰে ।

Vivo X300 ছিৰিজৰ বৈশিষ্ট্য

স্পেচিফিকেশ্যন বিৱৰণ
ডিছপ্লে’ 6.31-inch 1.5K OLED
চিপছেট/OS মেডিয়াটেক ডাইমেনচিটী 9500, এণ্ড্ৰ’ইড 16 ভিত্তিক অৰিজিন OS 6
ৰিয়াৰ কেমেৰা200MP ছেমছাং HPB (OIS) + 50MP JN1 আল্ট্ৰা ৱাইড + 50MP Sony LYT-602 পেৰিস্কোপ টেলিফটো
সমুখৰ কেমেৰা 50MP ছেমছাং JN1
বেটাৰী 6,040mAh, 90W তাঁৰযুক্ত + 40W বেঁতাৰ চাৰ্জিং
অন্যান্য বৈশিষ্ট্য একশ্যন বুটাম, চিগনেল এম্প্লিফায়াৰ চিপ, ডুৱেল স্পীকাৰ, IP68, Wi-Fi 7, NFC, USB 3.2

X300 ছিৰিজত কি বিশেষত্ব আছে ?

  • দুয়োটা ফোনতে একেটা ফ্লেগশ্বিপ লেভেলৰ প্ৰচেছৰ আছে ।
  • কেমেৰাৰ চেটআপত 200MP পেৰিস্কোপ টেলিফটো লেন্সৰ এটা ডাঙৰ হাইলাইট ।
  • ফ্লেগশ্বিপ গ্ৰেডৰ ডিছপ্লে আৰু 90ৱাট ফাষ্ট চাৰ্জিঙে ইয়াক প্ৰিমিয়াম ছেগমেণ্টত প্ৰত্যক্ষ প্ৰতিযোগিতাত স্থান দিছে ।
  • ইয়াৰ উপৰিও এণ্ড্ৰ’ইড 16 আৰু অৰিজিনঅ’এছ 6 য়ে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা মসৃণ কৰি তুলিব ।

ভাৰতত মুকলি কেতিয়া ?

ভিভ’ৰ মুকলিৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও BIS লিষ্টিঙৰ পিছত নিশ্চিত হৈছে যে ভিভ’ X300 ছিৰিজ ভাৰতত নৱেম্বৰৰ শেষ সপ্তাহত বা ডিচেম্বৰৰ আৰম্ভণিতে মুকলি কৰিব পাৰিব ।

লগতে পঢ়ক