ETV Bharat / technology

Aakhor AI: নিমিষতে সমাধান কৰি দিব আপোনাৰ অসমীয়া টাইপিঙৰ সমস্যা

Aakhor AI নামৰ এটা এপ্লিকেচনৰ জৰিয়তে এতিয়াৰে পৰা অসমীয়া লিখা পদ্ধতি অতি সহজ হৈ পৰিল ।

Aakhor AI app launched in Guwahati
গুৱাহাটীত উন্মোচন Aakhor AI এপ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 30, 2025 at 8:23 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : এতিয়াৰে পৰা আপুনি সহজে লিখিব পাৰিব অসমীয়া ভাষা । আখৰ এ আই (Aakhor AI) নামৰ এটা এপ্লিকেচনৰ জৰিয়তে এতিয়াৰে পৰা অসমীয়া লিখা পদ্ধতি অতি সহজ হৈ পৰিল । গুৱাহাটী মহানগৰীৰ উদ্যমী যুৱক, লুইত নগৰৰ ইন্দ্রনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰ নামৰ দুই ভাতৃয়ে এই এপ্লিকেচনটো প্রস্তুত কৰি উলিয়াইছে ।

আখৰ এ আইত কথা কৈ থাকিলেই মোবাইলত নিজে নিজেই লিখা গৈ থাকিব ৷ এই দুই ভাতৃয়ে মৌলিক চিন্তা-চৰ্চা খটুৱাই কৃত্রিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰি উলিয়াইছে 'Aakhor AI' ।‌ এই এপটোৰ এটা বিশেষ বৈশিষ্ট্য হ'ল যে এপটোৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত বা মোবাইল স্ক্ৰীণত টাইপ হ'ব ।

গুৱাহাটীত উন্মোচন Aakhor AI এপ (ETV Bharat Assam)

ইয়াৰ আন এটা বৈশিষ্ট্য হৈছে যে ইংৰাজীত টাইপ কৰিলেও ই অসমীয়া হৈ গৈ থাকিব । তদুপৰি, অসমীয়া বানান ভুল হ'লে শুধৰাই দিয়াৰ ব্যৱস্থাও আছে এই এপত ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এই এপটো আনুষ্ঠানিকভাৱে মুকলি কৰে অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই ।

এপটো মুকলি কৰি ডাঃ নাৰায়ণ শৰ্মাই কয়, "আখৰ এ আই নামৰ নতুন এপটো উন্মোচন হৈছে । এই দিনটো অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিৰ যুগত স্বৰ্ণিল দিন । গৌৰৱময় দিন । আমাৰ ভাষা এটা বাচি থাকিবলৈ হ'লে আৰু বিশ্বৰ আন আন ভাষাৰ লগত প্ৰতিযোগিতামূলকভাৱে আগবাঢ়ি যাবলৈ আধুনিক প্ৰযুক্তিক অস্বীকাৰ কৰিব নোৱাৰোঁ । এই প্ৰযুক্তিৰ সহায়ত আমি ভাষাটোক আৰু সমৃদ্ধি কৰি আগুৱাই লৈ যাব লাগিব । এই ক্ষেত্ৰত আখৰ এ আইয়ে যিটো প্ৰযুক্তি আগবঢ়ালে, এইটো ডাঙৰ পদক্ষেপ । দুয়োগৰাকী উদ্যোগী যুৱকক অভিনন্দন জনাইছোঁ ।"

আনহাতে, এপটোৰ উদ্ভাৱক দুই ভাতৃৰ এজন কাব্যনীল তালুকদাৰে কয়, "আখৰ এ আই এণ্ড্ৰয়ড এপ । অসমীয়া ভাষাত কথা কৈ গ'লে ইউনিক'ড ফৰ্মেটত টেক্সলৈ ৰূপান্তৰিত কৰিব পাৰি । তিনি বছৰৰ পৰা বিকাশ কৰি আছোঁ । বৰ্তমান সময়ত আমাৰ মিডিয়া ইণ্ডাষ্ট্ৰী বা আন আন কামত ব্যৱহাৰ কৰা ছফ্টৱেৰটো ২০ বছৰ পুৰণি । এ আই যুগত সকলো মানুহে ব্যৱহাৰ কৰিবলৈ লৈছে ।"

তেওঁ লগতে কয়, "এ আইৰ ব্যৱহাৰ অসমীয়া ভাষাত কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হৈছে । ইংৰাজী বা হিন্দীৰ তুলনাত আমাৰ ভাষাটোৰ প্ৰযুক্তিগত কাম বহুত কম হৈছে । সেয়ে 'আখৰ এ আই' আৰম্ভ কৰিলোঁ । বিশ্বত প্ৰথমটো এপ, য'ত অসমীয়া ভাষাত কথা কৈ গ'লে ইউনিক'ড ফৰ্মেটত অসমীয়াত লিখি যাব । তদুপৰি, এই এপত এ আই কীব'ৰ্ড এখন আছে, ডিটিপি নিশিকাকৈয়ে ইউনিক'ড ফৰ্মেটত ইংৰাজী ভাষাত লিখি গ'লে অসমীয়া ভাষাত লিখি যোৱা ব্যৱস্থা আছে ।"

এপটোৰ সুবিধা সন্দৰ্ভত তেওঁ কয়, "ইয়াত অনুবাদৰ ব্যৱস্থা আছে । অসমীয়াৰ পৰা বাংলা, ইংৰাজী আৰু হিন্দীলৈ অনুবাদ হয় । কঠিত ভাষাত ভইচ টাইপিং কৰিলে মান্যভাষালৈ ৰূপান্তৰ কৰিব পৰা ব্যৱস্থা আছে । ১৫ হাজাৰ ব্যৱহাৰকাৰী আছে । ভাৰতৰ বাহিৰৰ আমেৰিকা,কানাডা, অষ্ট্ৰেলিয়া আদিত থকা প্ৰৱাসী অসমীয়া ব্যৱহাৰকাৰী আছে ।"

তেওঁ লগতে কয়, "এপ্লিকেচনটো গুগল প্লে' ষ্টোৰৰ পৰা ডাউনলোড কৰিব পাৰিব । সাধাৰণ জনতাই এসপ্তাহৰ বাবে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব । ইয়াৰ পিছত প্ৰয়োজন অনুসৰি লাইচেন্স ক্ৰয় কৰি ব্যৱহাৰ কৰিব পাৰিব ।"

লগতে পঢ়ক :'ৱান লাষ্ট ট্যুৰ'ৰ বিষয়ে জানিছিলনে কোনোবাই ? জুবিনে লাইভ শ্ব'ৰ পৰা অব্যাহতি ল'ব বুলি প্ৰচাৰ চলাইছিল সিদ্ধাৰ্থই
লগতে পঢ়ক :মহানগৰীত থাকিও যেন অজান দ্বীপৰ বাসিন্দা ! দুৰ্গম পাহাৰীয়া অঞ্চলত সাধনা অব্যাহত এগৰাকী সংস্কৃত পণ্ডিতৰ