ETV Bharat / technology

দক্ষিণ কোৰিয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণা অভিযান: হুণ্ডাইৰ সৈতে গৱেষণা সহযোগিতা

এইটো হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বৰ এক আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানৰ সৈতে হোৱা বৃহৎ উদ্যোগ-সমৰ্থিত গৱেষণা সহযোগিতা ।

Tezpur University Delegation Visits South Korea
দক্ষিণ কোৰিয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণা অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 6, 2026 at 4:20 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: বেটাৰী প্ৰযুক্তি আৰু বৈদ্যুতিক বাহন সম্পৰ্কীয় গৱেষণাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে তেজপুৰ বিশ্ববিদ্যালয়ৰ এটা দুজনীয়া প্ৰতিনিধি দলে ১৫ জুনৰ পৰা ২৩ জুনলৈ দক্ষিণ কোৰিয়া ভ্ৰমণ সম্পন্ন কৰে ।

প্ৰতিনিধি দলটোত বিশ্ববিদ্যালয়খনৰ গৱেষণা আৰু উন্নয়ন শাখাৰ অধিষ্ঠাতা অধ্যাপক সৌমিক ৰয় আৰু 'হুণ্ডাই উৎকৰ্ষ কেন্দ্ৰ'ৰ মুখ্য গৱেষক তথা সমন্বয়ক ডঃ মানসিতা বৰা আছিল।

Tezpur University Delegation Visits South Korea
দক্ষিণ কোৰিয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণা অভিযান (ETV Bharat Assam)

উল্লেখ্য যে, ২০২৬ চনৰ মে' মাহতে তেজপুৰ বিশ্ববিদ্যালয় আৰু হুণ্ডাই মটৰ কোম্পানীৰ মাজত বেটাৰী প্ৰযুক্তি আৰু বৈদ্যুতিক বাহন সম্পৰ্কীয় যৌথ গৱেষণাৰ বাবে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল । এই চুক্তিৰ অধীনত হুণ্ডায়ে পৰৱৰ্তী প্ৰজন্মৰ বেটাৰী প্ৰযুক্তি আৰু বৈদ্যুতিক গতিশীলতাৰ গৱেষণাৰ বাবে প্ৰায় ১৬ কোটি ৩৭ লাখ টকাৰ বিনিয়োগ কৰিব ।

Tezpur University Delegation Visits South Korea
দক্ষিণ কোৰিয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণা অভিযান (ETV Bharat Assam)

এই পদক্ষেপ তেজপুৰ বিশ্ববিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বৰ এক আগশাৰীৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানৰ সৈতে হোৱা বৃহৎ উদ্যোগ-সমৰ্থিত গৱেষণা সহযোগিতা ।

অধ্যাপক সৌমিক ৰয়ে জনাই যে দক্ষিণ কোৰিয়া ভ্ৰমণকালত প্ৰতিনিধি দলটোৱে হুণ্ডাই মটৰ কোম্পানীৰ মুখ্য কাৰ্যালয়, নামইয়াং গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ, হুণ্ডাই মটৰ আচান উৎপাদন কেন্দ্ৰ, হুণ্ডাই গাংনাম কাৰ্যালয় আৰু অভিজ্ঞতা কেন্দ্ৰৰ লগতে এছকেঅ'এন বেটাৰী কাৰখানা পৰিদৰ্শন কৰিছিল । এই সময়ছোৱাত হুণ্ডাই মটৰ গ্ৰুপৰ উপ-সভাপতি ডঃ চাং হোৱান কিমে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দলটোক আন্তৰিকভাৱে আদৰণি জনায় ।

Tezpur University Delegation Visits South Korea
দক্ষিণ কোৰিয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষণা অভিযান (ETV Bharat Assam)

এই সন্দৰ্ভত অধ্যাপক ৰয়ে জনায় যে ভ্ৰমণৰ সময়ত প্ৰতিনিধি দলটোৱে বিশ্বৰ অন্যতম অত্যাধুনিক বৈদ্যুতিক বাহন উৎপাদন ব্যৱস্থা ওচৰৰ পৰা পৰ্যবেক্ষণ কৰাৰ সুযোগ লাভ কৰে । তেওঁলোকে প্ৰত্যক্ষ কৰে যে উৎপাদনৰ বহু পৰ্যায়ত প্ৰায় ৯০ শতাংশ কাম উন্নত ৰব'টিক প্ৰযুক্তিৰ জৰিয়তে সম্পন্ন কৰা হয় । ইয়াৰ জৰিয়তে স্মাৰ্ট উৎপাদন ব্যৱস্থা আৰু ভৱিষ্যতৰ গতিশীলতা প্ৰযুক্তিত হুণ্ডাইৰ অগ্ৰণী স্থান স্পষ্টভাৱে প্ৰতিফলিত হয় ।

অধ্যাপক সৌমিক ৰয় আৰু ডঃ মানসিতা বৰাই হুণ্ডাইৰ শেহতীয়া প্ৰিমিয়াম বৈদ্যুতিক বাহন 'জেনেছিছ', 'আইঅ'নিক–৬' আৰু 'আইঅ'নিক–৯'কে ধৰি এতিয়াও বজাৰত উন্মোচন নোহোৱা কেইবাটাও মডেল নিজে চলাই চোৱাৰ সুযোগ লাভ কৰাটো ভ্ৰমণৰ অন্যতম উল্লেখযোগ্য মুহূৰ্ত আছিল।

Tezpur University Delegation Visits South Korea
'হুণ্ডাই উৎকৰ্ষ কেন্দ্ৰ'ৰ মুখ্য গৱেষক তথা সমন্বয়ক ডঃ মানসিতা বৰা (ETV Bharat Assam)

এই কাৰ্যসূচীত ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত আইআইটি দিল্লী, আইআইটি বম্বে, আইআইটি মাদ্ৰাজ, আইআইটি কানপুৰ, আইআইটি হায়দৰাবাদ, ভিএনআইটি নাগপুৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিসকলেও অংশগ্ৰহণ কৰে ।

ভ্ৰমণৰ অংশ হিচাপে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দলটোৱে দক্ষিণ কোৰিয়াৰ ছিউল ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ো পৰিদৰ্শন কৰে । তাত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধিষ্ঠাতা অধ্যাপক ইয়ং-অ' কিম আৰু অন্যান্য অধ্যাপকসকলৰ সৈতে বৈঠক অনুষ্ঠিত হয় । বৈঠকত ভৱিষ্যতে যৌথ গৱেষণা, শিক্ষক-ছাত্ৰ বিনিময় কাৰ্যসূচী আৰু দীৰ্ঘম্যাদী শিক্ষাগত সহযোগিতা স্থাপনৰ সম্ভাৱনাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় ।

Tezpur University Delegation Visits South Korea
তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক সৌমিক ৰয় (বাঁওফালে) (ETV Bharat Assam)

ইয়াৰ উপৰি প্ৰতিনিধি দলটোৱে ছিউল ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আৰু হুণ্ডাই মটৰ কোম্পানীৰ যৌথ উদ্যোগত স্থাপিত 'যৌথ বেটাৰী গৱেষণা কেন্দ্ৰ' পৰিদৰ্শন কৰি উন্নত বেটাৰী প্ৰযুক্তি আৰু ভৱিষ্যতৰ শক্তি সঞ্চয় ব্যৱস্থাৰ ওপৰত চলি থকা গৱেষণাৰ বিষয়ে সম্যক ধাৰণা লাভ কৰে ।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে, এই ভ্ৰমণে তেজপুৰ বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় গৱেষণা সহযোগিতাক অধিক সুদৃঢ় কৰাৰ লগতে বেটাৰী প্ৰযুক্তি, বৈদ্যুতিক বাহন আৰু বহনক্ষম গতিশীলতা সম্পৰ্কীয় গৱেষণাত বিশ্ববিদ্যালয়খনক এক নতুন উচ্চতালৈ আগুৱাই নিব ।

লগতে পঢ়ক :ইছৰো ভ্ৰমণৰ অনন্য অভিজ্ঞতা: বিজ্ঞানী হোৱাৰ লক্ষ্য নলবাৰীৰ ছাত্ৰৰ
লগতে পঢ়ক :অষ্টম শ্ৰেণীৰ ছাত্ৰ আয়ান ইছলাম বড়াৰ 'Pointing to the Deep Ocean' শীৰ্ষক গ্ৰন্থ উন্মোচন