ETV Bharat / technology

8,999 টকা মূল্যত ভাৰতত মুকলি হ’ল Tecno Spark Go 3

Tecno ই ভাৰতত মুকলি কৰিলে এটা বাজেট স্মাৰ্টফোন ৷ নতুনকৈ মুকলি হোৱা এই ফোনটোৰ স্পেচিফিকেশ্যন আৰু বৈশিষ্ট্যৰ বিষয়ে জানো আহক ---

tecno-spark-go-3-launched-in-india-price-specifications-and-details
Tecno Spark Go 3 ৰ ৰঙৰ বিকল্প (Tecno)
author img

By ETV Bharat Tech Team

Published : January 16, 2026 at 4:22 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: যদি আপুনি নতুনকৈ এটা বাজেট স্মাৰ্টফোন কিনিব বিচাৰিছে তেন্তে আপোনাৰ বাবে আছে উন্নত বিকল্প ৷ শেহতীয়াকৈ ভাৰতত মুকলি হৈছে এটা নতুন বিকল্প । চীনৰ স্মাৰ্টফোন কোম্পানী Tecno ই ভাৰতত মুকলি কৰিছে নতুন বাজেট স্মাৰ্টফোন Tecno Spark Go 3 । এই ফোনটোত 6.74 ইঞ্চিৰ HD+ ডিছপ্লে, 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু ইউনিছ’ক T7250 চিপছেট আদি উল্লেখযোগ্য বৈশিষ্ট্য আছে । Tecno ৰ এই স্মাৰ্টফোনটোৰ বিষয়ে জানো আহক --

স্পেচিফিকেশন আৰু বৈশিষ্ট্যসমূহ

এই ফোনটোত 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.75 ইঞ্চি মসৃণ ডিছপ্লে আছে । 1.2 মিটাৰৰ পৰা এই ফোনটোৰ ড্ৰপ ৰেজিষ্টেণ্ট । অৰ্থাৎ কোম্পানীটোৱে দাবী কৰিছে যে 1.2 মিটাৰ উচ্চতাৰ পৰা তললৈ পেলাই দিলে এই ফোনটো নাভাঙে ।

এই ফোনটো 15W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5000mAh বেটাৰীৰে চালিত । ইয়াৰ পিছফালে 13MP AI কেমেৰাও আছে । ইয়াৰ উপৰিও এই ফোনটো ইউনিছক T7250 চিপছেটৰ দ্বাৰা চালিত । কোম্পানীটোৱে দাবী কৰিছে যে এই ফোনটো কোনো সমস্যা নোহোৱাকৈ চাৰি বছৰলৈকে টিকি থাকিব ।

tecno-spark-go-3-launched-in-india-price-specifications-and-details
Tecno Spark Go 3 ৰ সুৰক্ষা (Tecno)

ফোনটোত FreeLink 2.0 ৰ বৈশিষ্ট্যও আছে । এই বৈশিষ্ট্যই আপোনাক নেটৱৰ্ক সংযোগ অবিহনেও বিনামূলীয়া কল কৰাৰ অনুমতি দিয়ে । তদুপৰি এই ফোনটো IP64 ধূলি আৰু পানী প্ৰতিৰোধী । ইয়াৰ উপৰিও ইয়াত Tecno AI ৰ পৰা কিছুমান অনন্য এআই বৈশিষ্ট্য প্ৰদান কৰা হৈছে, য’ত আছে Ask Ella । ইয়াত এআই ৰাইটিং আৰু হাই ট্ৰেন্সলেটৰ দৰে বৈশিষ্ট্য আছে ।

মূল্য আৰু বিক্ৰী

tecno-spark-go-3-launched-in-india-price-specifications-and-details
Tecno Spark Go 3 ৰ IP ৰেটিং (Tecno)

এই ফোনটোৰ মূল্য 8,999 টকা । ব্যৱহাৰকাৰীয়ে লাভ কৰিব 4GB ৰেম আৰু 64 GB ষ্ট’ৰেজ । এই ফোনটোৰ বিক্ৰী 23 জানুৱাৰীৰ দুপৰীয়া 12 বজাৰ পৰা আমাজন আৰু অফলাইন খুচুৰা বিপণীত আৰম্ভ হ’ব । অৱশ্যে পৰৱৰ্তী সময়ত ফ্লিপকাৰ্টতো এই ফোনটো উপলব্ধ হ’ব । এই ফোনটো টাইটানিয়াম গ্ৰে, ইংক ব্লেক, গেলেক্সি ব্লু আৰু অ’ৰা পাৰ্পল ৰঙত প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক