প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ উৎক্ষেপণৰ বাবে সাজু শ্ৰীহৰিকোটা
সৰু সৰু উপগ্ৰহসমূহক পৃথিৱীৰ কক্ষপথলৈ কঢ়িয়াই নিব পৰাকৈ এই ৰকেটটো সাজু কৰি তোলা হৈছে ৷

Published : July 1, 2026 at 5:29 PM IST
চুল্লুৰপেটা(অন্ধ্ৰপ্ৰদেশ): ভাৰতৰ মহাকাশ খণ্ডত পুনৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি স্পৰ্শ ৷ হায়দৰাবাদস্থিত ব্যক্তিগত মহাকাশ কোম্পানী স্কাইৰুট এৰ’স্পেছে সাজি উলিওৱা বিক্ৰম-১ নামৰ ৰকেটটো অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ শ্ৰীহৰিকোটাত থকা দেশৰ প্ৰথমটো লঞ্চ পেডলৈ সফলতাৰে পৰিবহণ কৰা হৈছে ।
সম্প্ৰতি শ্ৰীহৰিকোটাত আগন্তুক সময়ত হ’বলগীয়া অভিযান ‘মিছন কালাম’ ৰ বাবে শেষ পৰ্যায়ৰ কাৰিকৰী পৰীক্ষা-নিৰীক্ষা অব্যাহত আছে ৷ স্কাইৰুট এৰ’স্পেছে মঙলবাৰে সামাজিক মাধ্যম এক্সত এই অভিযানৰ সৈতে জড়িত কিছুসংখ্যক ফটো ৰাজহুৱা কৰে ।
Vikram-1's Stage 1 is stacked at the First Launch Pad, Satish Dhawan Space Center, Sriharikota. 🚀
— Skyroot Aerospace (@SkyrootA) June 29, 2026
For India, this is the first time a privately designed, developed, and manufactured orbital rocket has been stacked on this pad.#Vikram1 #SkyrootAerospace pic.twitter.com/E0mf9lDfY6
উল্লেখ্য যে, বিক্ৰম-১ ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে সাজি উলিওৱা ৰকেট হিচাপে চৰ্চা লাভ কৰিছে । সৰু সৰু উপগ্ৰহবোৰক পৃথিৱীৰ নিম্ন কক্ষপথলৈ কঢ়িয়াই নিব পৰাকৈ এই ৰকেটটো সাজি উলিওৱা হৈছে ৷
এই অভিযানত জড়িত বিশেষজ্ঞসকলৰ মতে ৰকেটটোৰ সফল উৎক্ষেপণে দেশৰ মহাকাশ খণ্ডত ব্যক্তিগত সত্তাৰ ভূমিকা আৰু অধিক শক্তিশালী কৰিব । এই উন্নয়ন ভাৰতৰ ব্যক্তিগত মহাকাশ খণ্ডৰ বাবে এক ঐতিহাসিক সাফল্য ।
স্কাইৰুটৰ মতে, ইছৰোৰ প্ৰথম লঞ্চ পেডত ব্যক্তিগত কোম্পানীয়ে ডিজাইন, বিকশিত আৰু নিৰ্মাণ কৰা কক্ষপথৰ উৎক্ষেপণ বাহন প্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে । এই পেডৰ পৰাই চন্দ্ৰযান আৰু মংগল কক্ষপথ অভিযানকে ধৰি দেশৰ কেইবাটাও অতি গুৰুত্বপূৰ্ণ অভিযান চলিছিল ।
ভাৰতৰ মহাকাশ যাত্ৰাৰ পথ প্ৰদৰ্শক ডঃ বিক্ৰম ছাৰাভাইৰ নামেৰে এই ৰকেটটো নামাকৰণ কৰা হৈছে ৷ ৰকেটটোৱে ভাৰতৰ মহাকাশ খণ্ড ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি হোৱাৰ পিছৰে পৰা দেশৰ অন্যতম অভিলাষী তথা ব্যক্তিগতভাৱে নিৰ্মিত উৎক্ষেপণ ব্যৱস্থাক প্ৰতিনিধিত্ব কৰিছে ।
২০২২ চনৰ নৱেম্বৰ মাহত স্কাইৰুটে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত চাব-অৰ্বিটেল ৰকেট ‘বিক্ৰম-এছ’ উৎক্ষেপণৰ জৰিয়তে ইতিহাস ৰচনা কৰিছিল ৷ ইয়াৰ তিনি বছৰৰ পিছত অৰ্থাৎ চলিত বৰ্ষত স্কাইৰুটে পুনৰবাৰ এই ৰকেট নিৰ্মাণ কৰি অভিলেখ ৰচিছে ৷
তিনিবছৰ পূৰ্বৰে পৰাই হায়দৰাবাদস্থিত এই কোম্পানীটোৱে প্ৰথম কক্ষপথ অভিযানৰ প্ৰস্তুতিৰ বাবে সফলতাপূৰ্বক কেইবাটাও ইঞ্জিন পৰীক্ষা, প্লেটফৰ্মৰ অৰ্হতা পৰীক্ষা আৰু লঞ্চ বাহনৰ সৈতে জড়িত কাৰ্যকলাপসমূহ সম্পূৰ্ণ কৰিছে ।
লগতে পঢ়ক: বোৰ্খা পিন্ধি ইৰফানাই সম্পন্ন কৰিলে প্ৰাক্তন আৰএছএছ কৰ্মী নাৰায়ণনৰ অন্ত্যেষ্টিক্ৰিয়া

