ETV Bharat / technology

দেশৰ জেন Z সকললৈ বিশেষ বাৰ্তা আগবঢ়ালে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই

হায়দৰাবাদৰ স্কাইৰুট এৰোস্পেচ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা ।

shubhanshu-shukla-message-to-gen-z-on-indias-space-journey-skyroot-aerospace-infinity-campus
স্কাইৰুট এৰোস্পেচ ইনফিনিটি কেম্পাছত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : November 27, 2025 at 8:22 PM IST

3 Min Read
Choose ETV Bharat

শিৱ ৰামা কৃষ্ণ প্ৰসাদ

হায়দৰাবাদ: ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই বৃহস্পতিবাৰে কয় যে ভাৰতৰ জেন Z এ দেশৰ মহাকাশ যাত্ৰাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাটো প্ৰয়োজন, যিয়ে পাছলৈ 2047 চনৰ ভিতৰত উন্নত ভাৰত বা বিকশিত ভাৰতৰ লক্ষ্যত অৰিহণা যোগাব । বৃহস্পতিবাৰে হায়দৰাবাদৰ ৰবিৰিয়ালত অনুষ্ঠিত ভাৰতীয় মহাকাশ ষ্টাৰ্ট আপ স্কাইৰুট এৰ’স্পেচ ইনফিনিটি কেম্পাছৰ উদ্বোধনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ ভ্ৰমণ কৰা ইছৰোৰ প্ৰথমজন মহাকাশচাৰী শুক্লা ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ইনফিনিটি কেম্পাছ উদ্বোধন কৰে । অত্যাধুনিক এই সুবিধাত একাধিক উৎক্ষেপণ বাহনৰ ডিজাইন, বিকাশ, সংহতি আৰু পৰীক্ষণৰ বাবে প্ৰায় 2,00,000 বৰ্গফুট কৰ্মক্ষেত্ৰ থাকিব, য’ত প্ৰতিমাহে এটা কক্ষপথৰ ৰকেট নিৰ্মাণৰ ক্ষমতা থাকিব ।

স্কাইৰুট এৰোস্পেচ ইনফিনিটি কেম্পাছত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা (ETV Bharat)

অনুষ্ঠানত ইটিভি ভাৰতৰ সৈতে হোৱা কথা-বতৰাত শুক্লাই তেওঁৰ প্ৰশিক্ষণ, আই এছ এছ প্ৰকল্প আৰু মহাকাশ বিজ্ঞানক তেওঁলোকৰ ভৱিষ্যত হিচাপে গঢ়ি তুলিবলৈ বিচৰা যুৱক-যুৱতীসকললৈ তেওঁৰ বাৰ্তাৰ বিষয়ে কয় ।

ইটিভি ভাৰত: ছাৰ, আইএএফৰ পাইলটৰ পৰা আইএছএছ মহাকাশচাৰীলৈ আপোনাৰ যাত্ৰা কেনেকুৱা ভাবে ?

শুভাংশু শুক্লা: কোনো নিৰ্দিষ্ট চিন্তা নাই। মই টেষ্ট পাইলট হিচাপে সেৱা আগবঢ়াই আছিলো যেতিয়া সুযোগ আহিল। সেই সময়ত কোনো ধৰণৰ বিবেচনামূলক চিন্তা নাছিল। ই আছিল এক প্ৰবৃত্তিগত সিদ্ধান্ত। সকলোৰে সপোন আকাশৰ পৰা মহাকাশলৈ সম্প্ৰসাৰণ। যেতিয়া সেই সুযোগ মুকলি হ’ল, মই মাত্ৰ আবেদন কৰিলোঁ।

shubhanshu-shukla-message-to-gen-z-on-indias-space-journey-skyroot-aerospace-infinity-campus
স্কাইৰুট এৰোস্পেচ ইনফিনিটি কেম্পাছত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা (ETV Bharat)

ইটিভি: আপুনি ৰাছিয়া, ভাৰত আৰু আমেৰিকাত প্ৰশিক্ষণ লৈছিল—কোনটো অংশ আটাইতকৈ কঠিন আছিল ?

শুভাংশু শুক্লা: প্ৰশিক্ষণ আছিল প্ৰত্যাহ্বানমূলক । আমি ৰাছিয়াত প্ৰশিক্ষণ লৈছিলো আৰু আমি ভাৰতলৈ আহিছিলো আৰু তাৰ পিছত আমি আমেৰিকালৈ গৈছিলো । প্ৰশিক্ষণ হৈছে একেধৰণৰ উদ্দেশ্যত উপনীত হোৱা-- মানুহক মহাকাশলৈ যাবলৈ প্ৰস্তুত কৰা । বিভিন্ন ঠাইত বেলেগ বেলেগ ধৰণেৰে কৰা হৈছিল । কিন্তু সামগ্ৰিক উদ্দেশ্য একেই আছে ।

ইটিভি: ISS ত থকাৰ সময়ত আটাইতকৈ কঠিন সময়টো কি আছিল ?

শুভাংশু শুক্লা: শৰীৰ ভাল লগা নাছিল বাবে প্ৰথম কেইদিনমান প্ৰত্যাহ্বানমূলক আছিল বুলি মই ভাবো । আমি তাত অলপ সময়ৰ বাবে থকাৰ বাবে এজনে কাম কৰিবলগীয়া হৈছিল । গতিকে প্ৰথম দুই তিনিদিন প্ৰত্যাহ্বানমূলক আছিল। ইয়াৰ পিছত শৰীৰটো মহাকাশৰ পৰিৱেশৰ লগত অভ্যস্ত হৈ পৰে ।

ইটিভি: আপুনি যুৱক-যুৱতীসকলক বিশেষকৈ জেন জেডক কি পৰামৰ্শ দিব বিচাৰে ?

শুভাংশু শুক্লা: তেওঁলোকৰ প্ৰতি মোৰ পৰামৰ্শ হ’ল - "উৎসাহিত আৰু কৌতুহলী হোৱা" । মহাকাশ যাত্ৰাত মহান সাফল্যৰ পথত আগবাঢ়িছে ভাৰত । 2047 চনৰ বিকশিত ভাৰতৰ লক্ষ্যৰ দিশত ই এক বৃহৎ অৱদান আগবঢ়াব । যুৱক-যুৱতীসকললৈ মোৰ বাৰ্তা হ’ল- উৎসাহিত হওঁক আৰু ইয়াৰ অংশ হওঁক আৰু ইয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰক । দায়িত্ব গ্ৰহণ কৰক আৰু ভাৰতক ইয়াৰ পৰা বিক্ষিত ভাৰত 2047 লৈ লৈ যোৱাটো আপোনাৰ কাম বুলি ভাবিব ।

লগতে পঢ়ক