আপদকালৰ ভৰসা ! গেৰেজৰ পৰা পুৰণি ম'বিল লৈ যাওক আৰু ঘৰতে জ্বলাওক এই অভিনৱ চৌকাটো
কম খৰচতে জুই জ্বলাব পৰা চৌকা উদ্ধাৱন ৷ যান-বাহন আদিত ব্যৱহৃত ম'বিল পোলাই নিদিব । ব্য়ৱহাৰ কৰিব পাৰিব এই চৌকাত ।

Published : May 18, 2026 at 2:40 PM IST
ধিং: অভাৱেই আৱিষ্কাৰৰ মূল । যেতিয়াই মানুহে প্ৰত্য়াহ্বানৰ সন্মুখীন হৈছে তেতিয়াই সমাধানৰ পথো প্ৰশস্ত কৰিছে । শেহতীয়াভাৱে সকলোৱে সন্মুখান হোৱা ইন্ধনৰ নাটনিৰ মাজতে শ্বফিক উল্লাহ নামৰ এজন উদ্ভাৱকে প্ৰস্তুত কৰি উলিয়ালে এটা অভিনৱ চৌকা ।
গাড়ী, যান-বাহন আদিত ব্যৱহৃত ইন্ধনৰ পুনৰ ব্যৱহাৰ কৰি চলাব পৰা চৌকাটো প্ৰস্তুত কৰি উলিয়াইছে নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত শালকাটি গাঁৱৰ শ্বফিক উল্লাহে । শ্বফিক উল্লাহ পেছাত এজন মেকানিক ।
তেওঁ পেট্ৰ'ল, ডিজেলৰ মূল্য়বৃদ্ধি আৰু গেছৰ নাটনি হোৱাত বিগত তিনিমাহ ধৰি এটা চৌকা প্ৰস্তত কৰিবলৈ চিন্তা-চৰ্চা কৰি আছিল । এইদৰে ভাবি থাকোতেই এদিন চৌকাটোৰ বাবে প্ৰয়োজনীয় ফেনখন বিচাৰি পোৱাত এই কামটো আৰম্ভ কৰে । প্ৰয়োজনীয় সকলো সামগ্ৰী সংগ্ৰহ কৰাৰ পিছত এদিনতে প্ৰস্তুত কৰি উলিয়ালে এই চৌকাটো । অৱশ্য়ে তেওঁ এই চৌকাটো এবাৰ প্ৰস্তুত কৰি বিফল হৈছিল যদিও হাৰ মনা নাছিল । সেয়েহে মনক আশা পূৰ হোৱাত আনন্দিত হৈ পৰিছে শ্বফিক উল্লাহ ।
বেছি ম'বিলৰ প্ৰয়োজন নহয় :
এক লিটাৰ জ্বলা ম'বিলেৰে কেইবাঘণ্টাও ৰন্ধা-বঢ়া কৰিব পাৰি বুলি উল্লেখ কৰি শ্বফিক উল্লাহে কয়, "আজিকালি ৰন্ধন গেছৰ নাটনিৰ লগতে মূল্যবৃদ্ধি হৈছে । ফলত হোটেল, ৰেস্তোৰাঁ আদিত খাদ্য়সম্ভাৰৰ মূল্যবৃদ্ধি পাবলৈ ধৰিছে । যদিহে এই চৌকাটো হোটেল, ৰেস্তোৰাঁ আদিত ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁলোকে বহুখিনি সকাহ পাব । এক লিটাৰ ম'বিল ব্য়ৱহাৰ কৰি একোটা পৰিয়ালে এদিন-দুদিন খাদ্য় প্ৰস্তুত কৰিব পাৰে । হোটেল, ৰেস্তোৰাঁ আদিত দুই লিটাৰ ম'বিল ব্য়ৱহাৰ কৰিলেই এদিন ভালদৰে চলাব পাৰিব ।"
বিশেষ ইন্ধনৰ প্ৰয়োজন নাই :
ইয়াৰ বাবে কোনো বিশেষ ইন্ধনৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰি শ্বফিক উল্লাহে কয়, "এই চৌকাটো গাড়ীত ব্য়ৱহাৰ কৰা ম'বিলেৰেই চলাব পাৰে । এনে ম'বিল দোকানত ২০ টকা লিটাৰতেই পোৱা যায় । মটৰচাইকেল বা গাড়ীৰ গেৰেজতেই এনে ইন্ধন পোৱা যায় । খৰিতকৈও ইয়াৰ মূল্য় কম ।"

কি কি ব্য়ৱহাৰ হৈছে চৌকাটোত ?
জুইকুৰা কম-বেছি কৰাৰ বাবে ইয়াত এটা নিয়ন্ত্ৰণ ভাল্ভ আছে । তদুপৰি বতাহ যোগান ধৰিবলৈ এখন সৰু বৈদ্যুতিক ফেন সংযোগ কৰা হৈছে । চৌকাটোত কি কি ব্য়ৱহাৰ কৰিছে সেই বিষয়ে উল্লেখ কৰি তেওঁ কয়, "ইয়াত আছে এখন ফেন । এই ফেনখন বিদ্য়ুৎ বা ইনভাৰ্টাৰেৰে চলাব লাগে । অতিৰিক্ত বেটাৰীৰেও চলাব পাৰে । এই চৌকাটো বাণিজ্য়িকভিত্তিত প্ৰস্তুত কৰিছো । বৰ্তমান দুটা মডেলত প্ৰস্তুত কৰা হৈছে । "
কিমান টকা ব্য়য় হয় ?
এই চৌকাটো বৰ্তমান ৭ হেজাৰ টকাতেই প্ৰস্তুত কৰাটো সম্ভৱ হৈছে । সেয়ে তেওঁ সামান্য পৰিমাণৰ লাভতেই বিক্ৰী কৰি আছে এই চৌকাটো । সাধাৰণ ৰাইজৰ বাজেটৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ মূল্য অতি সুলভ কৰা বুলি তেওঁ কয় ।
লগতে পঢ়ক:ঔদ্যোগিক আৱৰ্জনাক কৃত্ৰিম বালিলৈ ৰূপান্তৰ কৰাৰ প্ৰযুক্তি উদ্ভাৱন ভাৰতীয় যুৱকৰ
মংগল গ্ৰহত ইটা নিৰ্মাণৰ প্ৰস্তুতি; গৱেষণাৰ সৈতে জড়িত ভাৰতীয় বিজ্ঞানী শুভাংশু শুক্লা

