Google Drop Feature: গুগলৰ এণ্ড্ৰইড ড্ৰপত কি কি সুবিধা থাকিব ?
গুৰুত্বপূৰ্ণ বস্তু থৈ আপুনি পাহৰিছে নেকি ? এতিয়া গুগলে আপোনাক বিচাৰি দিব ।

Published : September 2, 2026 at 8:05 PM IST
হায়দৰাবাদ : এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ । গুগলে ছেপ্টেম্বৰ মাহত মুকলি কৰিছে এক নতুন ফিচাৰ এণ্ড্ৰইড ড্ৰপ । এই নতুন আপডেটত দৈনন্দিন স্মাৰ্টফোন ব্যৱহাৰ অধিক সহজ, সুৰক্ষিত আৰু ব্যক্তিগত কৰি তুলিবলৈ ডিজাইন কৰা ৫ টা নতুন বৈশিষ্ট্য আছে ।
গুৰুত্বপূৰ্ণ সামগ্ৰী বিচাৰি উলিয়াবলৈ, ভ্ৰমণ অধিক আৰামদায়ক কৰিবলৈ আৰু নতুন ধৰণে বন্ধুৰ সৈতে সংযুক্ত হৈ থাকিবলৈ সহায় কৰা নতুন ফিচাৰ ইয়াত সংযোজন কৰা হৈছে ।
PSA for anyone who needs to hear this...
— Android (@Android) September 1, 2026
Android has exciting new feature updates in our latest Drop! 😀 pic.twitter.com/NvJjJoVQtX
জেমিনাইয়ে (Gemini) মনত ৰাখিব গুৰুত্বপূৰ্ণ সামগ্ৰীৰ স্থান
ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ সংযোজন হ'ল Gemini-ৰ নতুন সুবিধা । এতিয়াৰে পৰা ব্যৱহাৰকাৰীয়ে Gemini-ক কোনো গুৰুত্বপূৰ্ণ সামগ্ৰী যেনে পাছপ'ৰ্ট বা অতিৰিক্ত চাবি ক'ত থৈছে সেয়া মনত ৰাখিবলৈ ক'ব পাৰিব । উদাহৰণ হিচাপে কোনো ব্যৱহাৰকাৰীয়ে "Hey Google, remember in Find Hub that I put my passport in my bedroom drawer" বুলি ক'লে আৰু লগতে প্ৰয়োজন হ'লে এখন ফটো সংলগ্ন কৰি দিলে Gemini-য়ে তাক 'Find Hub'ত সংৰক্ষণ কৰি ৰাখিব । পিছত ইয়াক বিচাৰি নাপালে Gemini-ৰ সহায়ত আপুনি সামগ্ৰীটো বিচাৰি উলিয়াব পাৰিব । এই সুবিধা 'Gemini' আৰু 'Find Hub' সমৰ্থিত এণ্ড্ৰইড-১৬ আৰু ওপৰৰ সংস্কৰণত কাম কৰিব ।
যাত্ৰাৰ সময়ত মোচন ছিকনেছ (motion sickness) কমাব
গাড়ীত যাত্ৰাৰ সময়ত প্ৰায়ে অসুস্থ অনুভৱ কৰা ব্যৱহাৰকাৰীৰ বাবে গুগলে প্ৰৱৰ্তন কৰিছে 'Motion Assist' । এই ফিচাৰে ফোনৰ স্ক্ৰীণত এটা সুক্ষ্ম 'bubble overlay' প্ৰদৰ্শন কৰিব । গাড়ীখন যি দিশত গতি কৰে bubble-টোৱেও সেই অনুসৰি গতি কৰিব । ইয়াৰ ফলত চকুৱে দেখা দৃশ্য আৰু শৰীৰে অনুভৱ কৰা গতিৰ মাজৰ পাৰ্থক্য কমোৱাত সহায় কৰিব বুলি গুগলে প্ৰকাশ কৰিছে ।
With the latest @Android Drop, you’ll be able to:
— Google (@Google) September 1, 2026
• Keep track of items in Find Hub that don't require tracker tags — just ask Gemini.
• Help reduce motion sickness in the passenger seat with Motion Assist, a subtle bubble overlay on your screen that moves with the vehicle.… pic.twitter.com/JhATecsSQ6
ব্যৱহাৰকাৰীয়ে 'Motion Assist' স্বয়ংক্ৰিয়ভাৱে সক্ৰিয় কৰিব পাৰিব । 'Quick Settings'তো ইয়াক সংযোজন কৰিব পাৰিব । ইয়াৰ উপৰিও bubble-ৰ আকৃতি, ৰং আৰু 'opacity' নিজৰ পছন্দ অনুসৰি সলনি কৰিব পাৰিব । এণ্ড্ৰইড ১৭ সমৰ্থিত ফোনত এই সুবিধা উপলব্ধ হ'ব ।
দৃষ্টিহীন আৰু কম দৃষ্টিশক্তিৰ লোকৰ বাবে গাইডেড ভিজন
গাইডেড ভিজন (Guided vision) বৈশিষ্ট্যৰ লক্ষ্য হৈছে অন্ধ আৰু কম দৃষ্টিশক্তি থকা লোকক সহায় কৰা । 'Gemini Live'-ৰ সহায়ত নিৰ্মিত এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ফোন কেমেৰাৰ জৰিয়তে তেওঁলোকৰ সন্মুখত কি আছে তাৰ বিৱৰণ লাভ কৰিব পাৰে । যেনে খাদ্যৰ পেকেটত থকা সৰু আখৰ পঢ়া, কম পোহৰৰ ৰেষ্টুৰেণ্টৰ মেনু বুজি পোৱা বা ঘৰৰ বিভিন্ন সামগ্ৰী চিনি পোৱা আদি । যদি কেমেৰাটো সঠিকভাৱে নাথাকে তেন্তে 'voice feedback'ৰ জৰিয়তে ই ব্যৱহাৰকাৰীক কেমেৰা সঠিক দিশত ৰাখিবলৈও নিৰ্দেশনা দিব । 'Accessibility shortcuts', 'Talkback menu' অথবা Gemini এপ ছেটিংছৰ জৰিয়তে এই সুবিধা ব্যৱহাৰ কৰিব পাৰিব । অতি সোনকালে সমৰ্থিত এণ্ড্ৰইড ৯ আৰু তাৰ ওপৰৰ ফোনসমূহত এই সুবিধা সম্প্ৰসাৰণ হ'ব ।
গুগল মেছেজত কিপ নোটছৰ (Keep Notes) নতুন সংযোজন
গুগল মেছেজতো নতুন সুবিধা সংযোজন কৰা হৈছে । এতিয়াৰে পৰা 'Google Keep'ৰ সহায়ত মেছেজৰ Chat-ৰ ভিতৰত 'Shared notes' প্ৰস্তুত আৰু সম্পাদনা কৰিব পাৰিব । যেনে- বন্ধু বা পৰিয়ালৰ সৈতে বজাৰৰ তালিকা, ভ্ৰমণৰ পৰিকল্পনা আদি এটা 'shared note' হিচাপে প্ৰস্তুত কৰিব পাৰিব । Chat-ত থকা সকলোৱে সেই 'note' চাব, সম্পাদনা কৰিব আৰু নতুন তথ্য সংযোজন কৰিব পাৰিব । ইয়াৰ বাবে মেছেজ এপ এৰি পৃথকভাৱে 'keep' খোলাৰ প্ৰয়োজন নাথাকিব ।
'Google messages'ৰ plus (+) আইকন ক্লিক কৰি এই সুবিধা ব্যৱহাৰ কৰিব পাৰিব । এই ফিচাৰ ইতিমধ্যে উপলব্ধ হৈছে ।
গুগল মেছেজত 'Chat Themes'ৰ সুবিধা
'Google Messages'ত 'Chat Themes' হিচাপে নতুন সুবিধা সংযোজন কৰা হৈছে । ইয়াৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ পছন্দ অনুসৰি 'background' আৰু ৰং সলনি কৰিব পাৰিব । ব্যৱহাৰকাৰীয়ে বিভিন্ন ৱালপেপাৰ বাছনি কৰাৰ লগতে নিজৰ ফোনত থকা ফটো 'background'ত ব্যৱহাৰ কৰিব পাৰিব । বন্ধুৰ লগত কথা পতাৰ সময়ত পৃথক আৰু ভ্ৰমণৰ পৰিকল্পনাৰ বাবে গ্ৰুপৰ মাজত হোৱা কথা-বতৰাৰ সময়ত পছন্দ অনুসৰি ফটো ব্যৱহাৰ কৰিব পাৰিব ।
লগতে পঢ়ক :
ইণ্টাৰনেট নোহোৱাকৈও এতিয়াৰে পৰা ডিজিটেল পেমেণ্ট কৰিব পাৰিব, জানক সবিশেষ

