Samsung Project Moohan হেণ্ডছেট মুকলিৰ দিন ঘোষণা
ছেমছাং, গুগল আৰু কোৱালকমে একত্ৰিত হৈ AI আৰু immersive প্ৰযুক্তিক একত্ৰিত কৰা নতুন এণ্ড্ৰইড XR প্লেটফৰ্ম তৈয়াৰ কৰিছে ।

Published : October 15, 2025 at 5:17 PM IST
হায়দৰাবাদ: অৱশেষত ছেমছাঙে তেওঁলোকৰ আগন্তুক XR হেডছেট - Project Moohan ৰ মুকলিৰ তাৰিখ প্ৰকাশ কৰিছে, যিটো ছেমছাং ব্যৱহাৰকাৰীৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ব্যৱহাৰকাৰীসকলেও বহু আগ্ৰহেৰে বাট চাই আছিল । ছেমছাঙে এই XR হেডছেটটো ৱৰ্ল্ডছ ৱাইড অ’পেন গেলেক্সি ইভেণ্টত মুকলি কৰিব । এই আগন্তুক ছেমছাং ইভেণ্টৰ তাৰিখ, সময়, আৰু অন্যান্য সবিশেষৰ বিষয়ে জানো আহক ।
ছেমছাঙে নিজৰ XR হেডছেট Project Moohan মুকলি কৰিবলৈ ‘ৱৰ্ল্ডছ ৱাইড অ'পেন’ গেলেক্সি ইভেণ্ট আয়োজন কৰিব । এই অনুষ্ঠানটো দেখিবলৈ পাব ET অনুসৰি 21 অক্টোবৰৰ নিশা 10 বজাত (ভাৰতীয় সময় অনুসৰি 22 অক্টোবৰৰ পুৱা 7:30 বজাত); যেতিয়া ডিভাইচটো মুকলি কৰা হ’ব । ছেমছাঙৰ ৱেবছাইট বা ইউটিউব চেনেলত এই অনুষ্ঠানটো চাব পাৰিব । আপুনিও বিচাৰিলে এই লিংকলৈ গৈও চাব পাৰে।
গুগল আৰু কোৱালকমৰ পৰা সহায় লৈছিল ছেমছাঙে
ছেমছাঙৰ XR হেডছেট এণ্ড্ৰইড XR প্লেটফৰ্মত চলিব, যিটো ছেমছাঙে গুগল আৰু কোৱালকমৰ সহযোগত নিৰ্মাণ কৰিছিল । এই XR প্লেটফৰ্ম AI বৈশিষ্ট্য আৰু প্ৰযুক্তিৰে সমৃদ্ধ । ছেমছাঙে কয় যে ই বিভিন্ন ডিভাইচ ফৰ্ম ফেক্টৰৰ সৈতে সামঞ্জস্যপূৰ্ণ হ’ব । অৰ্থাৎ হেডছেট বা স্মাৰ্ট চশমা হওক এই প্ৰযুক্তি সকলোতে ফিট হ’ব ।
ছেমছাঙে নিজৰ XR হেডছেট Project Moohan ক দৈনন্দিন জীৱনলৈ অধিক নিমজ্জিত অভিজ্ঞতা কঢ়িয়াই অনা এটা প্ৰডাক্ট বুলি অভিহিত কৰিছে । Project Moohan নামৰ ছেমছাঙৰ XR হেডছেটটো 2024 চনত ভিক্টোৰিয়া ছং নামৰ এগৰাকী সাংবাদিকে পৰীক্ষা কৰিছিল আৰু এতিয়া প্ৰায় এবছৰৰ পিছত ছেমছাঙে ইয়াক মুকলি কৰাৰ বাবে প্ৰস্তুতি চলাইছে ।
এই মুকলিৰ সময় যথেষ্ট আকৰ্ষণীয় যেন লাগে, কিয়নো ছেমছাঙৰ আটাইতকৈ বৃহৎ প্ৰতিযোগী এপলে প্ৰায় একে সময়তে নিজৰ ভিজন প্ৰ’ হেডছেটৰ নতুন সংস্কৰণ মুকলি কৰাৰ খবৰ আহিছে, য’ত দ্ৰুত চিপৰ বৈশিষ্ট্য আছে । এফচিচিৰ ফাইলিঙত এটা নতুন ভিজন প্ৰ’ ডিভাইচো দেখা গৈছে । কিন্তু এপলে এতিয়া হেডছেটৰ বাহিৰলৈ গৈ স্মাৰ্টগ্লাছৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে ।
💙 Like this post for exclusive updates and join us at Samsung Galaxy Event on October 21 at 10PM ET, to experience new ways to play, discover, and work.
— Samsung Mobile (@SamsungMobile) October 14, 2025
Come meet the first official device on Android XR—Project Moohan. pic.twitter.com/4nhjYj1Q4y
অৰ্থাৎ ছেমছাঙৰ নতুন এক্সআৰ হেডছেট Project Moohan এ এপল ভিজন প্ৰ’ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পাৰে । ইয়াত চ’নীৰ চিলিকন ডিছপ্লে পেনেলত দুটা 1.3 ইঞ্চিৰ 4K অ’এলইডি আৰু কোৱালকম স্নেপড্ৰেগন XR2+ জেন 2 চিপছেট থাকিব পাৰে ।
| বৈশিষ্ট্য/স্পেচিফিকেশ্যন | বিৱৰণ/উৰা বাতৰি |
|---|---|
| অনুষ্ঠানৰ মূল আকৰ্ষণ | এই অনুষ্ঠানত অধিক হাৰ্ডৱেৰৰ বিৱৰণ প্ৰকাশ পাব পাৰে |
| ডিছপ্লে’ | খবৰ অনুসৰি ছ’নীয়ে ছিলিকন পেনেলত দুটা 1.3 ইঞ্চিৰ 4K অ’এলইডি ব্যৱহাৰ কৰিছে |
| প্ৰচেছৰ (SoC) | Qualcomm Snapdragon XR2+ Gen 2 দ্বাৰা চালিত |
| প্ৰজেক্টৰ কোডনাম | প্ৰজেক্ট মুন |
| ওজন | এপলৰ হেডছেটতকৈ ই 2-3 ইঞ্চি লঘু বুলি কোৱা হৈছে |
লগতে পঢ়ক

